অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 10, 2020

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটা আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব

গুৱাহাটী:আছু-জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ" আৰু কৃষক মুক্তিসহ ৭০ সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ যৌথ উদ্যোগত গঠিত "ৰাইজৰ দল" দুয়োটা আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব।

নিৰ্বাচনত দুয়োটা দলৰ মাজত আসন বুজাবুজিৰে এটা সমষ্টিত যিকোনো এটা দলৰ এজনহে প্ৰাৰ্থী থাকিব।

আনুষ্ঠানিকভাৱে এই কথা সদৰি কৰিলে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই।

নৱেম্বৰৰ ভিতৰত দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত হ'ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ভূঞাই।

No comments:

Post a Comment

SPONSORED