মন্দিৰ নিৰ্মাণত লাগিছে বিজেপি শাষনাধিষ্ঠ চৰকাৰখনে:অজিত কুমাৰ ভূঞা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 13, 2020

মন্দিৰ নিৰ্মাণত লাগিছে বিজেপি শাষনাধিষ্ঠ চৰকাৰখনে:অজিত কুমাৰ ভূঞা

হাজোঃ ‘দেশৰ জনতাই খাবলৈ নাপাই ভোকত ককবকাইছে আনফালে ধৰ্মৰ ৰাজনীতি কৰি মন্দিৰ নিৰ্মাণত লাগিছে বিজেপি শাষনাধিষ্ঠ চৰকাৰখনে৷’- হাজোত এই মন্তব্য সাংসদ তথা আঞ্চলিক গণমৰ্চাৰ মুখ্য আাহ্বায়ক অজিত কুমাৰ ভূঞাৰ৷

আনফালে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালক গুণ্ডা বুলি অভিহিত কৰি সমাগত নিৰ্বাচনৰ জৰিয়তে বি জে পি মিত্ৰজোঁটৰ চৰকাৰখনক আলুৰ বস্তাত ভৰাই ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব বুলি তীৰ্যক মন্তব্য আগবঢ়ায় দলটোৰ আহ্বায়ক মনজিৎ মহন্তই৷ হাজোত আঞ্চলিক গণমৰ্চাই বিশাল সভা পাতি বজালে নিৰ্বাচনী ৰণডংকা।

মীৰা ঠাকুৰ, শান্তনু বৰঠাকুৰৰ লগতে হাজোৰ যুৱনেতা দিগন্ত বৰায়ো। উল্লেখ্য যে, ২০২১ত দলটোৰ হাজোৰ প্ৰাৰ্থী হিচাপে থিয় হ’ব দিগন্ত বৰা। সহস্ৰাধিক লোক উপস্হিত থকা বিশাল সভাত প্ৰতিজন নেতাই সমাগত নিৰ্বাচনৰ জৰিয়তে বিজেপি চৰকাৰখনক ওফৰাবলৈ অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনাই ৰাইজক৷


No comments:

Post a Comment

SPONSORED