দূৰ্গা পুজা পতাত কোনো বাধা নাই ! কিন্তু কি কি নিয়ম পালন কৰিব লাগিব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, October 13, 2020

দূৰ্গা পুজা পতাত কোনো বাধা নাই ! কিন্তু কি কি নিয়ম পালন কৰিব লাগিব

গুৱাহাটী: দূৰ্গা পুজা পতাত কোনো বাধা নাই । প্ৰশাসনৰ অনুমতি লৈ পাতিব পাৰিব পুজা । বন্ধ পণ্ডেলত নহয় খোলা পেণ্ডেল হব লাগিব । সংবাদমেল যোগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।


মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক ।দূৰ্গা পূজাৰ পুৰোহিত,স্বেচ্ছাসেৱক, পূজা কমিটিৰ সকলো লোকে পঞ্চমীত কৰিব লাগিব কোৰোনা টেষ্ট।প্ৰতিমা বিসৰ্জনৰ পিছত দ্বিতীয়টো কোভিড টেষ্ট কৰা বাধ্যতামূলক ।নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব পূজা মণ্ডব ।পূজাৰ দিনকেইটাত মটৰচাইকেলত দুজন পুৰুষ আৰোহী উঠাত বাধা ।সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কিন্তু আৰতি অনুষ্ঠান উদযাপন কৰিব পাৰিব ।পেণ্ডেলত একে সময়তে ৫০ জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব ।হোটেল ৰেষ্টুৰেণ্ট নিশা ৯ বজাত বন্ধ কৰিব লাগিব ।বিসৰ্জনৰ সময়ত দেবী প্ৰতিমাৰ সৈতে সমদল কৰিব নোৱাৰিব ।দুই তিনি দিনলৈ বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে ।

No comments:

Post a Comment

SPONSORED