যমুনামুখ সমষ্টিৰ ৰাজনীতি তুংগত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2020

যমুনামুখ সমষ্টিৰ ৰাজনীতি তুংগত

ডবকাৰ পৰা কমৰুল খান: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহি আছে সিমানেই যমুনামুখ সমষ্টিৰ ৰাজনীতি তুংগত উঠি আছে৷বিশেষ কৈ চাৰি খন মুখ বৰ্তমান অৱস্থাত চৰ্চিত হৈ আছে যমুনামুখ সমষ্টিত৷

প্ৰথম অৱস্থাত প্ৰয়াত প্ৰাক্তন যমুনামুখ সমষ্টিৰ বিধায়ক আলহাজ খলিলুৰ ৰহমানৰ চৌধুৰীৰ কনিষ্ঠ কন্যা তথা বিশিষ্ট ব্যৱসায়ি ইমদাদ হুছেইনৰ পত্নী দিলোৱাৰা বেগম চৌধুৰীয়ে এইবাৰ নিৰ্বাচনত অহা টো প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ লগে লগে ৰাজনীতি মহল গৰম হৈ পৰিছে, কিয়নো একে পৰিয়ালৰ দুজন প্ৰাৰ্থী। দুবাৰ কৈ যমুনামুখ সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা  ৰেজাউল কৰিম চৌধুৰী আৰু তেওঁৰ বাইদেউ দিলোৱাৰা বেগম চৌধুৰী একে পৰিয়ালৰ দুজন প্ৰাৰ্থী হ'ব নে? সেইয়াও বৰ্তমান অৱস্থাতৰ কাৰণে এক লাখ টকীয়া প্ৰশ্ন।দ্বিতীয়তে AIUDFৰ প্ৰাৰ্থী হিচাপে বৰ্তমান অৱস্থাত সিৰাজ উদ্দিন আজমলৰ নাম যমুনামুখ সমষ্টিৰ পৰা প্ৰায় চৰ্চাত আহি আছে। তেতিয়া হ'লে বৰ্তমানৰ যমুনামুখ সমষ্টিৰ বিধায়ক তথা বদৰ উদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলৰ কি হ'ব?সেইয়াও এক লাখটকীয়া প্ৰশ্ন।যদিওAIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা হৈছে তেতিয়া হ'লে চৰ্চা লৈ অহা দুই তিনি বাৰ কৈ যমুনামুখ সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হোৱা কংগ্ৰেছৰ বলিষ্ঠ নেতা ৰেহান উদ্দিনৰ কি হ'ব? 

 আৰু বৰ্তমান অৱস্থাত AJP ৰ পৰা যমুনামখ সমষ্টিৰ প্ৰাৰ্থীৰ পৰা প্ৰায় নিশ্চয় হৈ আছে হাচিব উদ্দিনৰ নাম ৷ যদি AJP ৰাইজৰ দ'লৰ লগত মিত্ৰতা হয় তেন্তে  হাচিব উদ্দিনৰ ও টিকটত আউল লাগিব পাৰে।


No comments:

Post a Comment

SPONSORED