বিদেশীৰ কলংক লৈ বৰপেটাত পুনৰ আত্মহত্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2020

বিদেশীৰ কলংক লৈ বৰপেটাত পুনৰ আত্মহত্যা

· ডি ভোটাৰ নামত হাৰাশাস্তি ভোগ কৰি নিজৰ আত্মীয়ক হেৰুৱাৰ আৰ্তনাদ এয়া 
· নাগৰিকত্বৰ সংকটে পুনৰ প্ৰাণ ল’লে এজন লোকৰ 
· ৬২ বছৰ বয়ত আত্মহত্যাৰ পথ বাছি ললে মুছা মণ্ডলে 


বৰপেটা : বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খুদনাবাৰী পাথাৰ গাওঁৰ ভয়েজ মণ্ডলৰ পুত্ৰ মুছা মণ্ডলক বিদেশী হিচাপে ঘোষণা কৰাৰ পিছতেই আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰপেটাৰ ১১ নং বিদেশী ন্যায়াধীকৰণৰ পৰা ২০১৮ চনত উপযুক্ত নথি প্ৰদান কৰিব পৰা নাই বুলি উল্লেখ কৰি মুছা মণ্ডলক বিদেশী হিচাপে ঘোষণা কৰে। আৰ্থিক ভাবে দুৰ্বল পৰিয়ালটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে তীব্ৰ মানসিক চাপত আছিল মুছা মণ্ডল৷ কিন্তু যোৱা ১১ অক্টোবৰৰ পৰা নিৰুদ্দেশ মুছা মণ্ডল৷ চৌদিশে বিচাৰি মুছা মণ্ডলৰ সন্ধানত নোপোৱাৰ হতাশ পৰিয়াল৷ ১২ অক্টোবৰত মুছা মণ্ডলক চুবুৰীয়াৰ বাৰীত চিপজৰী লৈ থকা অৱস্থাত দেখা পায় স্থানীয় লোকে৷ খবৰ দিয়া হয় আৰক্ষীক৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষা কৰি আবেলি ৩.৩০ বজাত জানাজা সম্পন্ন কৰে। উক্ত ঘটনাৰ খবৰ পাই মানৱাধিকাৰ কৰ্মী শাজাহান আলী আহমেদৰ লগতে বৰপেটা আৰু বাক্সা জিলা আমছুৰ সভাপতিদ্বয়কে আদি কৰি এটি সজাতি দলে পৰিয়ালৰ খবৰ লয় আৰু পৰিয়ালটোক বৰপেটাৰোডৰ ডি ভোটাৰ গৱেষণা কেন্দ্ৰৰ পৰা আইনী সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। আমছুৱে উক্ত পৰিয়ালটোক ১০ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।

No comments:

Post a Comment

SPONSORED