সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ৰাজপথত নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 2, 2020

সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ৰাজপথত নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা

গুৱাহাটী:সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ পৰা ৰাজ্যত চকা বন্ধৰ আহ্বান সদৌ অসম মটৰ পৰিবহণ সন্থাৰ। দুগুণ ভাড়া বৃদ্ধিৰ দাবীৰে এই সিদ্ধান্ত লৈছে সন্থাই। অৰ্থাত্‍ সোমবাৰৰ পৰা ৰাজ্যত নচলিব বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা!

সন্থাই অভিযোগ কৰে যে, ল’ক ডাউনৰ সময়ত তেওঁলোকলৈ চৰকাৰে কোনো ধৰণৰ সহায়ৰ হাত আগনবঢ়ালে। ল’ক ডাউনৰ সময়ত বিভিন্ন ক্ষেত্ৰত দাম বৃদ্ধি কৰা হ’ল। ল’ক ডাউনৰ ফলত হোৱা ক্ষতিৰ পৰা ৰেহাই পাবলৈ এতিয়া বঢ়োৱা হৈছে ডিজেলৰ দাম।  কিন্তু ৫০ শতাংশ যাত্ৰীৰে বৰ্তমান সেৱা আগবঢ়াই থকা ব্যক্তিগত বাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা সমূহে বাৰে বাৰে দাবী জনাই অহাৰ পিছতো ভাড়া বৃদ্ধিৰ দাবীক কোনো ধৰণৰ গুৰুত্ব নিদিলে ৰাজ্যৰ পৰিবহণ বিভাগে।

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ প্ৰধান দাবীঃ

১. ৫০ শতাংশ পথকৰ ৰেহাই দিব লাগিব।

২. ভাড়া দুগুণ বৃদ্ধি।

৩. অন্যান্য দিশ সমূহতো ৰেহাই দিব লাগে।

গতিকে এতিয়া চৰকাৰক তেওঁলোকৰ দাবী সমূহ মানি ল’বলৈ অহা সোমবাৰলৈকে সময়সীমা বান্ধি দিলে। যদি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেন্তে অহা ৫ অক্টোবৰৰ পৰা তেওঁলোকে অনিৰ্দিষ্টকালৰ বাবে চকা বন্ধৰ কাৰ্যসূচী সমগ্ৰ অসমতে ৰূপায়ণ কৰিব।

 

No comments:

Post a Comment

SPONSORED