লংকা:ফৰমাৰপাৰ গাওঁপঞ্চায়তত দেখাগল এক অনুৰূপ দৃশ্য৷ফৰমাৰপাৰ গাওঁ পঞ্চায়তত বুধবাৰে covid test কৰা হয় আৰু এজন ব্যক্তিক covid positive ধৰা পৰাৰ পিছত ব্যক্তিগৰাকীক Covid centerত লৈ যোৱা হয় ৷কিন্তু ৰোগীয়ে বহা চকী আৰু Covid ত ব্যৱহাৰ কৰা ঔষধৰ আৱৰ্জনা ঠাইতে পেলাই থৈ যায় ৷
উল্লেখ্য যে গাওঁ পঞ্চায়তত এটা আধাৰ কাৰ্ডৰ চেন্টাৰ আছে৷ যত বহুলোকৰ আগমন হয়৷ তেনেস্থলত মহামাৰীৰ কৰুনাক লৈ চলা হেমাহি কিমান গ্ৰহণযোগ্য ? মনকৰিবলগীয়া যে পঞ্চায়তখনত ডাঙৰকৈ আৰি থোৱা বেনাৰত লিখা " মুকলিত মলত্যাগ মুক্ত গাওঁপঞ্চায়ত ফৰমাৰপাৰ লৈ আপোনালোকক স্বাগতম "বাক্যশাৰীৰ এয়া নেকি বাস্তৱ প্ৰতিছবি ?
No comments:
Post a Comment