মহিলা প্ৰশিক্ষাৰ্থীক ধৰ্ষণ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 14, 2020

মহিলা প্ৰশিক্ষাৰ্থীক ধৰ্ষণ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ

দেৰগাঁও : দেশৰ লগতে ৰাজ্যত উদ্দেকজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণজনিত ঘটনা৷ এইনে এক লজ্জানত ঘটনা সংঘটিত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত। জানিব পৰা মতে, আৰক্ষী বিষয়া (C D I) বচ্চন সিঙে ধৰ্ষণ কৰে 1st Assam Forest বেটেলিয়ানৰ প্ৰশিক্ষণৰ মহিলা আৰক্ষীগৰাকীক।

প্ৰশিক্ষণ কেন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বিষয়া ধৃত বচ্চনে কোনো নোহোৱাৰ সুযোগ লৈ এই অমানৱীয় কাণ্ড সংঘটিত কৰে৷ প্ৰশিক্ষণৰ মহিলা আৰক্ষীগৰাকীৰ নাম ববিতা দাস৷ আনহাতে ধৰ্ষণত অভিযুক্ত আৰক্ষী বিষয়াগৰাকী Inspector (C D I) বচ্চন সিং। উল্লেখযোগ্য যে ধৰ্ষণৰ বলি হোৱা মহিলা গৰাকী 1st Assam Forest বেটেলিয়নৰ বন বিভাগৰ মহিলা বন আৰক্ষী আৰু দেৰগাঁৱৰ সহস্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।মহিলাগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমত সদৰী কৰিলে এই কথা ।

মহিলাগৰাকীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ ৰুজু কৰা গোচৰৰ ভিত্তিত ইতিমধ্যে দেৰগাঁও আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেশ ভূঞাই অভিযুক্ত বচ্চন সিঙক সোধা-পোছা অব্যহত ৰাখিছে৷


No comments:

Post a Comment

SPONSORED