এছআই কেলেংকাৰি: কুমাৰ সঞ্জিত কৃষ্ণক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 22, 2020

এছআই কেলেংকাৰি: কুমাৰ সঞ্জিত কৃষ্ণক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

গুৱাহাটী: কুমাৰ সঞ্জিত কৃষ্ণক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ ৰাজ্য কঁপোৱা এছআই কেলেংকাৰিত অভিযুক্ত সঞ্জিতক ২৭ অক্টোবৰত পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত৷ জয়দীপ বৰুৱাকো ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ ইফালে সৰোজ শৰ্মা নামৰ আনজন অভিযুক্তক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷

তিনিও অভিযুক্তকে পৃথক পৃথক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছে৷ সৰোজ শৰ্মাক গোৱালপাৰা, জয়দীপক মৰিগাঁও কাৰাগাৰলৈ প্ৰেৰণ৷ কুমাৰ সঞ্জিত কৃষ্ণক প্ৰেৰণ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ৷ নিৰাপত্তাজনিত কাৰণত পৃথক পৃথক কাৰাগাৰালৈ প্ৰেৰণ আটাইকেইজনক৷ ইফালে সঞ্জিত কৃষ্ণৰ জামিনৰ আবেদনো নাকচ কৰিছে আদালতে৷

CJM আদালতে নাকচ কৰে জামিন আবেদন৷ ন্যায়িক দণ্ডাধীশ দেৱাশিস শইকীয়া আদালতে নাকচ কৰে আবেদন৷ জামিন বিচাৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব সঞ্জিত কৃষ্ণৰ অধিবক্তা৷


No comments:

Post a Comment

SPONSORED