আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 22, 2020

আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা

 কোৰোনাৰ ভয়াবহতাৰ মাজতে আৰম্ভ হ’ল দুৰ্গা পূজা, আজি ষষ্ঠী পূজা…

আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা । কোৰোনাৰ ভয়াবহতাৰ মাজতে উদযাপন হ’বলগীয়া এই পূজাৰ বাবে পূজা কমিটি,পুৰোহিতৰ লগতে ভক্ত সকলেও পালন কৰিব লাগিব স্বাস্থ্য বিভাগৰ নিৰ্দেশনা ।

বৃহস্পতিবাৰে ষষ্ঠী পূজা । আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ কাত্যায়নী ৰূপত আৰম্ভ হল বিহিত পূজা-আৰাধনা । সন্ধিয়া হ’ব দেবীৰ আমন্ত্ৰন-অধিবাস । আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ’ব ঘট আৰু দেবী প্ৰতিমা । এইবাৰ দোলাত আগমণ ঘটিব দেবী দুৰ্গাৰ ।

ইপিনে কোৰোনাৰ ভয়াবহতাৰ বাবে ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন হ’ব শাৰদীয় দুৰ্গোৎসৱ । পূৰ্বৰ দৰে পুজাৰ বতৰত এইবাৰ বজাৰত নাই ভিৰ । ৰাতি পূজাৰ আমেজো নাপাব এইবাৰ ৰাজ্যবাসীয়ে । দুচকীয়া বাহনত পূজা চাব নোৱাৰৰ লগতে নিশা ৯ বজাতেই বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্ট সমূহ ।

No comments:

Post a Comment

SPONSORED