২১ অক্টোবৰত সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2020

২১ অক্টোবৰত সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা : বহু দিনৰ অন্তত ২১অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷


কৰ’না মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চ মাহৰ পৰাই উদ্যানখন পৰ্যটকৰ বাবে বন্ধ হৈ আছিল৷ কিন্তু বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী সকলো ক’ভিড প্ৰটক’ল ৰক্ষা কৰি ২১ অক্টোবৰৰ দিনৰ ১১ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰিব৷

মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিব দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াই৷ এইক্ষেত্ৰত উদ্যান পৰিদৰ্শনৰ বাবে আহিব লগা দেশী-বিদেশী পৰ্যটকে সম্পূৰ্ণ ক’ভিড প্ৰটক’ল ৰক্ষা কৰিহে উদ্যান দৰ্শনৰ বাবে আহিব পাৰিব৷ তাৰোপৰি জীপ ছাফাৰীসমূহেও ক’ভিড প্ৰটক’ল ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লাগিব৷ চাৰিটাকৈ বানে বুৰাই যোৱা আৰু প্ৰতিকুল বতৰৰ বাবে ২১ অক্টোবৰত কঁহৰা আৰু বাগৰি বনাঞ্চলৰ সামান্য অংশহে পৰ্যটকৰ বাবে মুকলি হ’ব৷

উদ্যানৰ ভিতৰৰ বাট-পথসমূহ মেৰামতি চলি আছে যদিও প্ৰথম পৰ্যায়ত ২০ শতাংশতহে জীপ ছাফাৰী আৰম্ভ হ’ব৷ কিন্তু হাতী ছাফাৰী ১ নৱেম্বৰৰপৰা আৰম্ভ হ’ব৷ ক’ভিড-১৯ৰ বাবে এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি জনালে উদ্যানখনৰ সঞ্চালক পেৰিয়া স্বামী শিৱকুমাৰে৷ ইতিমধ্যে কাজিৰঙাৰ বন বিভাগে উদ্যানখনৰ ভিতৰ ভাগৰ বাট-পথৰ মেৰামতি দ্ৰুতগতিত অব্যাহত ৰাখিছে৷


No comments:

Post a Comment

SPONSORED