গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2020

গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

 গুৱাহাটী: জ্যেষ্ঠ অধিবক্তা এহমদীয়ে ন্যায়ালয়ৰ সন্মুখত গগৈৰ বিৰুদ্ধে ৰুজু কৰা FIR আৰু NIA-এ দাখিল কৰা অভিযোগনামাৰ মাজত থকা বৃহৎ পাৰ্থক্য দৃষ্টিগোচৰ কৰে।



মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ এখন খণ্ড বিচাৰপীঠে অখিল গগৈৰ NIAৰ গোচৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে। ১০ মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক প্ৰতিনিধিত্ব কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। মঙলবাৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰায় দুই ঘণ্টা সময় নিজৰ যুক্তিতৰ্ক আগবঢ়ায়। উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ৬ নৱেম্বৰ ধাৰ্য কৰিছে।

উল্লেখযোগ্য যে জ্যেষ্ঠ অধিবক্তা এহমদীয়ে ন্যায়ালয়ৰ সন্মুখত গগৈৰ বিৰুদ্ধে ৰুজু কৰা FIR আৰু NIA-এ দাখিল কৰা অভিযোগনামাৰ মাজত থকা বৃহৎ পাৰ্থক্য দৃষ্টিগোচৰ কৰে। FIRত অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম সমিতি CPI-Maoistৰে বিলীন হৈ যোৱা বুলি উল্লেখ কৰা হৈছে। তাৰ বিপৰীতে অভিযোগনামাত সংগঠনটোৰে সম্বন্ধ ৰখা বুলিহে কোৱা হৈছে।

NIA-এ উল্লেখ কৰা কেএমএছএছ আৰু CPI-Maoistৰ বৈঠকৰ তাৰিখসমূহৰ পিছতহে কেন্দ্ৰীয় চৰকাৰে CPI-Maoistক নিষিদ্ধ ঘোষণা কৰা বুলিও অৱগত কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ সময়ত গগৈয়ে দিয়া ভাষণসমূহ সংবিধানৰ অনুচ্ছেদ ১৯ (ক)ই প্ৰদান কৰা অভিব্যক্তিৰ অধিকাৰৰ আওতাত পৰে বুলিও যুক্তি আগবঢ়াই এহমদীয়ে। NIAৰ অধিবক্তাই গগৈৰ অধিবক্তাৰ যুক্তিতৰ্ক সমাপ্ত হোৱাৰ পিছত মন্তব্য ৰাখিব।

No comments:

Post a Comment

SPONSORED