উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 23, 2020

উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা



· অতিৰিক্ত উপায়ুক্তক উৎকোচ দিবলৈ আহি বৰপেটাত হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদ 
· বৰপেটাৰ অতিৰিক্ত উপায়ুক্তক উৎকোচ দিব গৈ আটক হয় কণিষ্ঠ অভিযন্তা৷ 
· বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক জিলা উপায়ুক্তৰ কাৰ্যালয়ত উৎকোচ দিব গৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদে৷ 
· আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে 

বৰপেটা : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত বিয়াগোম অনাময় শৌচালয় কেলেংকাৰীৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে৷ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশ মৰ্মে কেলেংকাৰীৰ তদন্ত কৰি আছে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে৷ কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ ভয়ত তদন্তকাৰী বিষয়াক মেনেজ কৰাৰ চেষ্টা চলাইছিল কনিষ্ঠ অভিযন্তা গৰাকীয়ে৷ 

কণিষ্ঠ অভিযন্তা গৰাকীয়ে ৯০ হাজাৰ টকা উৎকোচ দিব গৈছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই ঘটনা সন্দৰ্ভত লগে লগে বৰপেটা থানাক অবগত কৰে৷ বৰপেটা আৰক্ষীয়ে টকাসহ কনিষ্ঠ অভিযন্তা নাছিৰউদ্দিন আহমেদক আটক কৰি বৰপেটা থানালৈ লৈ আহে৷ সম্প্ৰতি বৰপেটা সদৰ থানাত নাছিৰুদ্দিনক জেৰা কৰি থকা হৈছে৷

No comments:

Post a Comment

SPONSORED