ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটনঃ হঠাৎ জ্বলি উঠিল ট্ৰাক
ডবকাৰ চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷হঠাৎ জ্বলি উঠিল পথৰ দাতিত ৰৈ থকা এখন ট্ৰাক ৷ক্ষন্তেকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে দাউ দাউকৈ ট্ৰাকখন ৷ডবকাৰ গণিপুৰ বাইবাছত এই ঘটনা ৷লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷অতি ততপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷অগ্নিকাণ্ডৰ ফলত কোনো লোক হাতাহত হোৱা নাই ৷জুই লগা গাড়ী খনৰ নম্বৰ AS01GC6972 .
No comments:
Post a Comment