বৰপেটাত চলিছে অবৈধ মাছৰ বজাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 18, 2020

বৰপেটাত চলিছে অবৈধ মাছৰ বজাৰ

বৰপেটা : অবৈধ বজাৰৰ বাবে প্ৰকৃত বেপাৰী সন্মুখীন হৈছে লোকচানৰ৷ এই ঘটনা বৰপেটা জিলাৰ জনীয়া চৰকাৰী বজাৰৰ৷ এই বজাৰখনত দীৰ্ঘদিনৰ পৰা এখন পাইকাৰী মাছ বজাৰ চলি আছিল যদিও জনিয়া বিকল্প ৰাজ্যিক ঘাইপথৰ কাষত নতুনকৈ আন এখন অবৈধ মাছৰ বজাৰ স্থাপন কৰিছে৷ এই বজাৰখনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

অভিযোগ মতে, ৰাজহ ফাকি দিয়াৰ উদ্দেশ্যে একাংশ দুষ্ট চক্ৰই স্থাপন কৰিছে মাছৰ বজাৰখন৷ এই অবৈধ বজাৰখনৰ বাবে প্ৰকৃত বেপাৰীসকলে লোকচানত পৰিব লগা হোৱাৰ লগতে চৰকাৰক লাখ লাখ টকাৰ ৰাজহ ফাকি দি আহিছে অবৈধ বজাৰখনে । চৰকাৰী নিয়ম অনুসৰি, কোনো চৰকাৰী বজাৰৰ পাঁচশ মিটাৰৰ ভিতৰত কোনো ব্যক্তিগত বজাৰ চলাব নোৱাৰিব৷

কিন্তু মাত্ৰ দুশ মিটাৰ আতৰত গঢ়ি উঠা এই অবৈধ মাছ বজাৰখন বন্ধ কৰিবলৈ অভিযোগৰ ভিত্তিত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই যোৱা ৯ অক্টোবৰত তিনি দিনৰ ভিতৰত অবৈধ বজাৰখন উঠাই লৈ যাবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু চক্ৰ বিষয়াৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই আজিও অবৈধভাৱে চলাই আছে বজাৰখন | ফলত ক্ষুদ্ধ হৈ পৰিছে জনীয়া হাট লেচি আৰু ৰাইজে |


No comments:

Post a Comment

SPONSORED