SI নিযুক্তি কেলেংকাৰী : মহানগৰীত ২৪ লাখৰো অধিক ধন উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2020

SI নিযুক্তি কেলেংকাৰী : মহানগৰীত ২৪ লাখৰো অধিক ধন উদ্ধাৰ

গুৱাহাটী : এছআই কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত পিকে দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ বাসগৃহত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ৷ বুধবাৰে সন্ধিয়া চিআইডিয়ে চলোৱা অভিযানত জয়দ্বীপৰ ঘৰত উদ্ধাৰ কৰা হৈছে ২৪ লাখৰো অধিক নগদ ধন৷

ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী জয়দেৱ বৰুৱাৰ গুৱাহাটীৰ চানমাৰি থানাৰ সমীপৰ নৱগিৰি পথৰ বাসগৃহত নিশা চলোৱা এই অভিযানৰ পাছত চিআইডিৰ কাৰ্যালয়ত ৰখা হৈছে জয়দ্বীপক৷ তিনিচুকীয়াৰ পৰা কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল জয়দ্বীপক৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, এই বৃহৎ ধনৰাশি পিকে দত্তই তেওঁক ৰাখিবলৈ দিছিল।

ইপিনে পলাতক এছপি কুমাৰ সঞ্জিত কৃষ্ণক বিচাৰি চিআইডিয়ে অভিযান চলায়৷ সঞ্জিত কৃষ্ণৰ বাসভৱনত অভিযান চিআইডিৰ৷ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশৰ পাছতে পলাতক এছপি সঞ্জিত কৃষ্ণ৷


No comments:

Post a Comment

SPONSORED