মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ ৬৯ সংখ্যক জন্মবাৰ্ষিকী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2020

মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ ৬৯ সংখ্যক জন্মবাৰ্ষিকী

 দেশৰ ১১তম ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড০ এপিজে আব্দুল কালামৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে ৬৯ সংখ্যক জন্ম বাৰ্ষিকী । ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত তেওঁৰ জন্ম হৈছিল। মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী অনুষ্ঠানত দেশবাসীয়ে স্মৰণ কৰে। ইফালে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে তেখেতক স্মৰণ কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে সমাজিক মাধ্যমত কয়, ‘ ড০ কালামৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলী । বিজ্ঞানী হিচাপে হওক বা ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে হওক, ভাৰতে ৰাষ্ট্ৰীয় বিকাশত তেওঁৰ অপেক্ষ অৱদান কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁৰ জীৱন যাত্ৰাই লাখ লাখ লোকক শক্তি প্ৰদান কৰিছে। ‘

গৃহমন্ত্ৰী অমিত শ্বাহে কয় ‘ড০ এ পি জে আব্দুল কালামৰ জন্মবাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো । মিছাইল কাৰ্য্যসূচী গঢ়ি তোলা এজন সুদৰ্শী নেতা, যি সদায়ে এক শক্তিশালী আৰু স্ব-নিৰ্ভৰযোগ্য ভাৰত গঢ়িব বিচাৰিছিল। বিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সকলোৰে বাবে প্ৰেৰণাদায়ক। ‘



No comments:

Post a Comment

SPONSORED