দেওবাৰৰ পৰা ভক্তসকলৰ বাবে খোলা হ’ব কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ, মানিব লাগিব কি কি নিয়ম…
গুৱাহাটী:সুদীৰ্ঘ ৮মাহৰ মূৰত ভক্তৰ বাবে মুকলি কৰা হল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি, ১১ অক্টোবৰ অৰ্থা দেওবাৰৰ পৰা মন্দিৰ পদক্ষিণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে।অৱশ্যে এই সময়খিনিত বন্ধ থাকিব দেৱালয়ৰ গৰ্ভগৃহ।
জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা ভিত্তিত এই পদক্ষেপ গ্ৰহন কৰিছে পৰিচালনা সমিতিয়ে। অৱশ্যে কোভিড সৃষ্ট এই পৰিৱেশৰ মাজতে ভক্ত সকলৰ বাবে মন্দিৰৰ প্ৰৱেশ দুৱাৰ খোলা হৈছে যদিও, মানি চলিব লাগিব কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা। এই নিয়মসমূহ ক্ৰমে-
দেৱালয়ৰ দ্বাৰ পুৱা ৮ বজাৰ পৰা সুৰ্যাস্তলৈকে খোলা থাকিব। অৱশ্যে, নৱৰাত্ৰি বা দুৰ্গা পূজাৰ সময়ত এই সময় সলনি হ’ব পাৰে।স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত চিকিৎসা শিবিৰত ভক্তসকলে কোভিড ১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাব লাগিব।যিসকলে শেষৰ ৩ দিনৰ ভিতৰত পৰীক্ষা কৰিছে তেওঁলোকে ভ্ৰমণৰ সময়ত পৰীক্ষাৰ প্ৰতিবেদন দেখুওৱাব লাগিব।প্ৰতিবেদন দেখুওৱাৰ পিছত ভক্তসকলে কামেশ্বৰ মন্দিৰৰ সন্মুখত অৱস্থিত আন্নকক্ষেত্ৰ কাৰ্য্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব।মূখ্যদ্বাৰৰ সমূখত তেওঁলোকক থাৰ্মেল স্ক্ৰীণিং আৰু চেনিটেচনৰ চেম্বাৰৰ মাজেৰে পাৰ হব লাগিব।প্ৰতিজন ভক্তই সৰ্বাধিক ১৫ মিনিট সময়হে লাভ কৰিব।মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব ভক্তসকলে।
No comments:
Post a Comment