বিধানসভা নিৰ্বাচনত বিজেপিৰ অংকত আউল লাগিছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 5, 2020

বিধানসভা নিৰ্বাচনত বিজেপিৰ অংকত আউল লাগিছে

পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অংকত আউল লাগিছে। বিজেপিৰ মিত্ৰদল লোক জনশক্তি পাৰ্টীৰ নেতা চিৰাগ পাছোৱানে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছত বিজেপিয়ে নিজৰ সমীকৰণৰ বিষয়ে নতুনকৈ ভাবিবলৈ বাধ্য হৈছে। নীতিশ কুমাৰৰ জেডিইউৰ সৈতে সমান সমান আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিয়ে বুজাবুজি কৰাৰ পাছতে লোক জনশক্তিয়ে অকলে নিৰ্বাচনী যুঁজত নমাৰ কথা প্ৰকাশ কৰে দলটোৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱানে। তাৰ পাছতে বিজেপিয়ে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ সম্পৰ্কীয় কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য হৈছে।

বিশেষকৈ জাতিগত কাৰকে প্ৰভাৱিত কৰিবপৰা আসনবোৰত প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ে নতুনকৈ চিন্তাৰ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে। বিহাৰ বিজেপিৰ তত্ত্বাৱধায়ক দেবেন্দ্ৰ ফাড়নবিছ, ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে দলৰ সভাপতি জেপি নাড্ডাৰ ঘৰত কালি বৈঠকত মিলিত হয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটীয়ে আলোচনাত মিলিত হৈছিল।

উল্লেখ্য যে, চিৰাগ পাছোৱানে বিহাৰত এনডিএৰ অংশীদাৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কালি ঘোষণা কৰে। তেওঁ লগতে কয় যে, নিৰ্বাচনৰ পাছৰ মিত্ৰতাৰ বাবেহে তেওঁ আগ্ৰহী। তেওঁৰ পিতৃ নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী হৈ থকাৰ পৰিপ্ৰেক্ষিতত দলটোৰ এই স্থিতি অপ্ৰত্যাশিত যদিও চিৰাগে বিজেপিৰ সৈতে কোনো তিক্ততা নাই বুলি স্পষ্ট কৰি দিছে। তদুপৰি তেওঁ নীতিশ কুমাৰৰ বিৰুদ্ধে দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব যদিও বিজেপিৰ বিৰুদ্ধে কোনো আসনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে।


No comments:

Post a Comment

SPONSORED