১৪৪ধাৰা জাৰি সমগ্ৰ নাৰায়ণপুৰত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 5, 2020

১৪৪ধাৰা জাৰি সমগ্ৰ নাৰায়ণপুৰত

নাৰায়ণপুৰঃ দেওবাৰে সংঘটিত হোৱা মাতৃ-কন্যাৰ হত্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নাৰায়ণপুৰত। আন্ধাৰ নামি অহাৰ লগে লগে অভিযুক্তৰ ঘৰলৈ শিলগুটি নিক্ষেপ কৰিছিল। অভিযুক্ত দিনাৰাম ফুকনৰ ঘৰলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰিছিল। সমগ্ৰ অঞ্চলটোত বৰ্তমান প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি-গুলীচালনা কৰিছে। ৰাবাৰ বুলেট নিক্ষেপত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হৈছে। আৰক্ষীলৈয়ো শিল, ইটা নিক্ষেপ প্ৰতিবাদকাৰীৰ। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত গুলীবিদ্ধ হৈছে ২ জোৱান।

আহত জোৱান দুজন মাধৱ হ’ল বৰা, মাহমুদ হুছেইন। মাধৱ বৰাৰ মূৰত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে। অস্ত্ৰোপচাৰৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছে। বহু জোৱান গুৰুতৰভাৱে আহত হৈছে। হত্যাকাৰীৰ ফাঁচীৰ দাবীত টায়াৰ জ্বলাই মেৰমুখত নাৰায়ণপুৰ-শিলিখাগুৰিত পথ অৱৰোধ৷ ১৪৪ধাৰা নেওচি শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ৷ নাৰায়ণপুৰত পুনৰ উত্তেজনাই বিৰাজ কৰিছে৷ ৰাইজে হত্যাকাৰীৰ ফাঁচীৰ দাবীত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰশাসনে অঞ্চলটোত ১৪৪ধাৰা বলবৎ কৰাৰ লগতে মৃতদেহ দুটা নিজগৃহত সৎকাৰৰ ব্যৱস্থা কৰাৰ প্ৰতিবাদ জনাই ৰাইজৰ তীব্ৰ প্ৰতিবাদ৷ শ শ লোকে ঘটনাস্থলীৰ কিছু দূৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী প্ৰশাসনক মৃতদেহ ৰাইজক চমজাই দিবলৈ দাবী জনায়৷ নাৰায়ণপুৰত মাতৃ-কন্যাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শোৱাপাটীতে উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ। মঞ্জু ফুকন, কন্যা প্ৰস্তুতি ফুকনৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পাছতে, হত্যাকাণ্ড বুলি ৰাইজৰ দাবী। অপৰাধীক কৰায়ত্ত কৰাৰ দাবীত স্থানীয় লোকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।


No comments:

Post a Comment

SPONSORED