স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 5, 2020

স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী

 গুৱাহাটী:কাছাৰত স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী, কিয় হত্যা কৰিলে স্বামীক?প্ৰথম অৱস্থাত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লাগে আৰু পৰৱৰ্তী সময়ত মাৰপিটৰ ৰূপ লয়৷

কাছাৰত দিন দুপৰতে এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনাটো সংঘটিত হৈছে সোনাই সমষ্টিৰ ধনহৰি গাঁৱত৷ কাঠেৰে মৰিয়াই পত্নীয়ে হত্যা কৰিলে স্বামীক। হত্যা কৰি মহিলাগৰাকীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায় যদিও স্থানীয় ৰাইজৰ হেঁচাত হত্যাৰ কথা স্বীকাৰ কৰে।

প্ৰথম অৱস্থাত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লাগে আৰু পৰৱৰ্তী সময়ত মাৰপিটৰ ৰূপ লয়৷ এসময় পত্নীয়ে কাঠৰ টুকুৰাৰে স্বামীক প্ৰহাৰ কৰে আৰু এই প্ৰহাৰৰ ফলত ঘটনাস্থলীতে স্বামীৰ মৃত্যু হয় বুলি অভিযোগ৷ এই ঘটনাৰ পিছতে স্বামীয়ে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ চলায় মহিলাগৰাকীয়ে। কিন্তু স্থানীয় লোকৰ হেঁচাত মহিলাগৰাকীয়ে স্বামীক হত্যাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।


No comments:

Post a Comment

SPONSORED