জাগীৰোডত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 6, 2020

জাগীৰোডত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড

জাগীৰোড: দেশত ধৰ্ষণ-নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে পুনৰ জাগীৰোডত সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী নাবালিকাক৷ জানিব পৰা মতে সোমবাৰে নিশাৰ আন্ধাৰৰ সুযোগ লৈ হাৰেজ আলি নামৰ এটা পাষণ্ডই সংঘটিত কৰিলে এই পাশৱিক কাণ্ড ৷

জাগীৰোডৰ তৰঙাপাৰত সংঘটিত এই ঘটনাৰ অভিযোগ অনুসৰি কাজিয়াত লিপ্ত হৈ নিশাৰ আহাৰ গ্ৰহণ নকৰাকৈ ওলাই গৈছিল নাবালিকাগৰাকীৰ পৰিয়ালৰ এজন সদস্যই ৷ সেই সদস্যজনক মাতিবলৈ ঘৰৰ ওচৰৰে এটা তেল ডিপুত গৈছিল প্ৰায় ১৪ বছৰীয়া নাবালিকাগৰাকী ৷ আৰু তাৰ পৰা ওভতাৰ পথতে এন্ধাৰৰ সুযোগ লৈ নাবালিকা গৰাকীক ধৰ্ষণ কৰে হাৰেজ আলি নামৰ লম্পট যুৱকজনে ৷

ইমানতে ক্ষান্ত নাথাকি ঘটনাক গাপ দিবলৈ নাবালিকাগৰাকীৰ ঘৰৰ নিচেই কাষতে হত্যাৰ চেষ্টা চলায় লম্পট হাৰেজে ৷ নাবালিকাগৰাকীৰ চিঞৰবাখৰ শুনি পৰিয়ালৰ লোক উপস্থিত হয় যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পটটো ৷ পাছত মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়ে ৷

কিন্তুু স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবেই নাবালিকাক উন্নত চিকিৎসাৰ বাবে মৰিগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জাগীৰোড আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ এইক্ষেত্ৰত অভিযুক্ত হাৰেজ আলিক বিচাৰি জাগীৰোড আৰক্ষীয়ে নিশাই আৰম্ভ কৰা তীব্ৰ অভিযানত ধৰ্ষণকাৰী হাৰেজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৰ্ষণকাৰী হাৰেজ আলিৰ ফাঁচিৰ দাবী জনাইছে স্থানীয় লোকে ৷


No comments:

Post a Comment

SPONSORED