দুৰ্গা পূজাৰ মণ্ডপৰ পৰা পণ্ডিতক এম্বুলেন্সত উঠাই কভিদ হস্পিতাললৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 23, 2020

দুৰ্গা পূজাৰ মণ্ডপৰ পৰা পণ্ডিতক এম্বুলেন্সত উঠাই কভিদ হস্পিতাললৈ

 ধেমাজি : ধেমাজিৰ চিমেন চাপৰিত কাল কৰোনাৰ ভয়াবহতাৰ মাজতে অনুষ্ঠিত কৰা দুৰ্গাপূজাৰ মণ্ডপৰ পৰা পণ্ডিতক এম্বুলেন্সত উঠাই কভিদ হস্পিতাললৈ প্ৰক্ষেপ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে কৰোনা ভাইৰাছকলৈ চৰকাৰে জাৰী কৰা কঠোৰ নিয়মৰ মাজেৰে চিমেন চাপৰিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ৪৩ সংখ্যক সাৰ্বজনীন দূৰ্গা পূজা ৷ পূজাৰ ষষ্ঠী দিনটোৰ মাংগলিক কৰ্মাদি পৰিচালনাৰ বাবে চুক্তি কৰে চিলাপথাৰ কাৰেংবস্তিৰ পুৰুহীত নাৰায়ন চক্ৰৱৰ্তী নামৰ পুৰোহিতজনক ৷

চৰকাৰী নিয়ম মতে পূজাত কৰ্তব্যত নিয়োজিত হোৱা পূৰ্বেই আয়োজক সমিতিৰ সৈতে পুৰোহিতৰ কোভিড পৰীক্ষা বাধ্যতামূলক ৷ সেই মৰ্মে নাৰায়নে পৰহি চিলাপথাৰত কোভিড পৰীক্ষা কৰায় যদিও পৰীক্ষাৰ ফলাফল লাভ কৰা নাছিল ৷ উক্ত কাৰণত কালি ডেকাপাম স্বাস্থ্য কেন্দ্ৰত এন্টিজেন পদ্ধতিৰ জৰিয়তে আয়োজক সমিতিয়ে পুনৰ পুৰোহিত নাৰায়নৰ পৰীক্ষা কৰে ৷

আশা কৰা মতেই কভিদ ফলাফল নিগেটিভ হোৱাৰ পিছতে পূজাৰ বাকৰিত পুৰোহিতে আৰম্ভ কৰে পূজাৰ মাংগলিক কাৰ্য ৷ পিছে পুৰোহিতে বৈদিক মন্ত্ৰোচ্ছাৰণত ব্যস্ত থকাৰ সময়তে চিলাপথাৰৰ পৰা যোৱা এখন ১০৮ বাহন যোগে তেওঁৰ কোভিড পজিটিভ হোৱা বুলি লৈ উঠাই লৈ আহে ৷মুহূৰ্ততে ঘটনাটোকলৈ হুৱা দুৱা লাগে আয়োজক সমিতিৰ মাজত ৷ লগে লগে অন্য এজন পুৰোহিত পোৱা যাব ক’ত ৷ অবশেষত বহু বিচাৰ খোচাৰৰ পিছত চিলাপথাৰ মাজৰবাৰীৰ পৰা দুগুন ধন ভৰি অন্য এজন পুৰোহিতক হাতে ভৰিয়ে ধৰি পূজা পৰিচালনাৰ হেতু আয়োজক সমিতিয়ে নিবলৈ সক্ষম হয় ৷




No comments:

Post a Comment

SPONSORED