সম্পূৰ্ণ সাজু গণেশগুৰিৰ উৰণীয়া সেতু :২২ অক্টোবৰত মুকলি হোৱাৰ কথা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2020

সম্পূৰ্ণ সাজু গণেশগুৰিৰ উৰণীয়া সেতু :২২ অক্টোবৰত মুকলি হোৱাৰ কথা

গুৱাহাটী: পূজাৰ প্ৰাকমূহূৰ্তত ন ৰূপত জিলিকিল মহানগৰীৰ প্ৰাণকেন্দ্ৰ গণেশগুৰি। সময়মতে সম্পূৰ্ণ হৈ উঠিছে গনেশগুৰিৰ নতুন উৰণীয়া সেতু৷ গণেশগুৰিৰ পৰিচিত যান-জঁটৰ সমস্যা হয়তো এতিয়াৰেপৰা নাথাকিব৷ দুৰ্গা পূজাৰ সময়ত বিশেষকৈ হোৱা ভিৰ সেৰেঙা হ’ব৷



এতিয়াৰে পৰা গুৱাহাটীবাসীৰ বাবে সহজ হৈ উঠিব যাতায়াত৷ নতুনকৈ গঢ়ি উঠা উৰণীয়া সেতুখনে সম্প্ৰতি মানুহৰ মনত এই আশাৰ সঞ্চাৰ কৰিছে৷ ৰাজধানী নাৰ্চাৰীৰপৰা পুৰণি গণেশগুৰি উৰণীয়া সেতু সংযোগী এই অ’ভাৰব্ৰিজখন ২২ অক্টোবৰত মুকলি হোৱাৰ কথা৷ এই কথা গড়কাপ্টানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অলপতে ঘোষণা কৰিছিল৷

নতুন প্ৰযুক্তিৰে নিৰ্মিত উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৩৯৮.৫ মিটাৰ৷ প্ৰায় ৮৯ কোটি টকা ব্যয়সাপেক্ষে উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে৷ দুয়োকাষে অংকন কৰা অসমীয়া কলা-সংস্কৃতিৰ ছবিয়ে দুগুণে জিলিকাই তুলিছে সেতুখন৷

No comments:

Post a Comment

SPONSORED