গুৱাহাটী: ড০ ভূপেন হাজৰিকাৰ উপস্থিতি অবিহনে অসমবাসীয়ে পাৰ কৰিলে ৯ টা বছৰ । বৃহস্পতিবাৰ অৰ্থাৎ আজি সুধাকণ্ঠৰ নৱম মৃত্যু দিৱস । শিল্পীগৰীকাক শ্ৰদ্ধাঞ্জলী নিবেদেন কৰিব সমগ্ৰ অসম বাসীয়ে । শ্ৰদ্ধাৰে প্ৰয়াত গণ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুৱৰিছে ৰাজ্যৰ জনতাই ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ অনুষ্ঠান উদযাপন কৰাৰৰ লগতে জালুকবাৰীৰৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞেচালকালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব স্মৃতি তৰ্পনৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান । এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহন কৰাৰৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে,গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ উপস্থিত থাকিব ।
No comments:
Post a Comment