বিহাৰৰ ঘৰে ঘৰে গৈ সাধাৰণ শ্ৰেণীৰ লোকৰ লগত মত বিনিময় :ৰকিবুল হুছেইনৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 5, 2020

বিহাৰৰ ঘৰে ঘৰে গৈ সাধাৰণ শ্ৰেণীৰ লোকৰ লগত মত বিনিময় :ৰকিবুল হুছেইনৰ

বিহাৰত বাইক ৰেলীত অংশগ্ৰহণ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ





 বুধবাৰেও প্রায় ত্ৰিশ কিলোমিটাৰ পথত মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিল বিৰোধী দলৰ উপ দলপতি গৰাকীয়ে। বুধবাৰৰ সন্ধ্যা ভাগত কাটিহাৰ জিলাৰ পূৰ্ণিয়া অভিমুখে ৰাওনা হয় ৰকিবুল হুছেইন।জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মদন মোহন ঝা, সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় শক্তি সিং গোৱেল, বীৰেন্দ্ৰ সিং ৰাথোৰ, এইআইচিচি মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰাণদীপ সূৰ্যৱালা, বিহাৰ কৃষাণগঞ্জৰ সাংসদ ড০ মহম্মদ জায়েদয়ে এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক অনুৰোধ কৰিছিল যে, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে যাব লাগে। সমান্তৰালকৈ হুছেইনকো ফোন যোগে অনুৰোধ কৰা হৈছিল বিহাৰৰ এই সকল শীৰ্ষ নেতাৰ দ্বাৰা।

জিতেন্দ্ৰ সিং যিহেতু অসম ভ্ৰমণতে আছিল সেই সময়তে বিহাৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যাবৰ বাবে নিৰ্দেশ দিছিল হুছেইনক। জিতেন্দ্ৰ সিঙৰ পৰামৰ্শ অনুসৰি বুধবাৰে বিহাৰৰ কৃষাণগঞ্জত উপস্থিত হৈ কৃষাণগঞ্জ সংসদীয় সমষ্টিৰ অধীনৰ তিনিটা বিধান সভা সমষ্টিত কংগ্ৰেছ-আৰ জে ডি মহাজোট বন্ধনৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলালে ৰকিবুল হুছেইনে।

ঘৰে ঘৰে গৈ সাধাৰণ শ্ৰেণীৰ লোক-শ্ৰমিক আদিৰ লগত মত বিনিময় কৰে আৰু অহা ৭ নৱেম্বৰৰ বিহাৰ বিধানসভাৰ শেষ পয্যায়ৰ নিৰ্বাচনত মহাজোট বন্ধনৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দিবৰ বাবে অনুৰোধ জনায়। মাজে মাজে চাহ দোকানৰ দৰে সৰু সৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ৰৈ সাধাৰণ শ্ৰেণীৰ লোকৰ লগত মত বিনিময় কৰাও দেখা যায়। ইফালে, বৃহস্পতিবাৰলৈ পূৰ্ণিয়া বিধান সভা সমষ্টি, কাটিহাৰ বিধান সভা সমষ্টি, কাদুৱা বিধান সভা সমষ্টি, কোৰ্হা বিধান সভা সমষ্টি এলেকাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ ল’ব ৰকিবুল হুছেইনে।



No comments:

Post a Comment

SPONSORED