অসমৰ মুছলমান আৰ এছ এছ কোন ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 6, 2020

অসমৰ মুছলমান আৰ এছ এছ কোন ?

■ অসমৰ মুছলমান সমাজৰ ব্ৰাহ্মণ্যবাদক চিনো আহঁক।
■ অসমৰ মুছলমান আৰ এছ এছ কোন ?
■ অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, মনজিৎ মহন্ত, অখিল গগৈ সমালোচিত নহ'ব কিয়? 


● চাইজুৰ ৰহমান
শিৰোনাম দেখি ভিন্নজনৰ মনত ভিন্ন প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। হিন্দুৰ ক্ষেত্ৰত প্ৰযোজ্য ব্ৰাহ্মণ্যবাদ অসমৰ মুছলমানৰ মাজত সোমাল কিয় ? অথবা সাম্য-মৈত্ৰীৰ ধৰ্ম ইছলামৰ অনুসৰণকাৰী মুছলমানৰ মাজত ব্ৰাহ্মণ্যবাদ থকাৰ প্ৰশ্ন অবান্তৰ। একেদৰে মুছলমানৰ মাজত আৰ এছ এছ, এয়াও যেন এক দুৰ্বোধ্য প্ৰসংগ। একেদৰে মুছলমানৰ ব্ৰাহ্মণ্যবাদ আৰু আৰ এছ এছৰ প্ৰসংগৰ মাজত অসমৰ চাৰিগৰাকী বিশেষ ব্যক্তি ক্ৰমে অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, মনজিৎ মহন্ত আৰু অখিল গগৈ সমালোচিত হোৱাৰ যুক্তি ক'ত বুলিও প্ৰশ্ন উত্থাপিত হোৱাটো খাটাং । এনে বিভিন্ন প্ৰশ্নৰ সন্ধিক্ষণত আমি এই লেখনিৰ জৰিয়তে এই সমগ্ৰ প্ৰসংগক নিৰপেক্ষ তথ্য-যুক্তিৰে বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিছোঁ।

◆ ব্ৰাহ্মণ্যবাদ কি?
ব্ৰাহ্মণ্যবাদৰ সংজ্ঞাৰ পৰিসৰ বিশাল আৰু বিস্তৃত যদিও লেখনিৰ শিৰোনাম অনুসৰি তথা ইয়াৰ লগত সংগতি ৰাখি ব্ৰাহ্মণ্যবাদৰ সংক্ষিপ্ত পৰিচয় দাঙি ধৰিব বিচৰা হৈছে। ব্ৰাহ্মণ্যবাদৰ সূত্ৰৰ ব্যাখ্যা যদি আমি চাওঁ তেন্তে মুলত: ব্ৰাহ্মণৰ গোলামী কৰাটোৱে ব্ৰাহ্মণ্যবাদ। ব্ৰাহ্মণৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম, ৰীতি-নীতি অন্যৰ ওপৰত জাপি দিয়াটোৱে ব্ৰাহ্মণ্যবাদ। নিজক অভিভাৱক হিচাপে প্ৰতিস্থা কৰা আৰু আনক সেৱক হিচাপে গ্ৰহণ কৰাটোৱে ব্ৰাহ্মণ্যবাদ। ব্ৰাহ্মণৰ বশ্যতা স্বীকাৰ কৰাটোৱে ব্ৰাহ্মণ্যবাদ। সকলো মানুহ একেগৰাকী প্ৰভুৰ সৃষ্টি হ'লেও মানুহৰ কৰ্মৰ ওপৰত ভিত্তি কৰি সামাজিক, আৰ্থিক, ৰাজনৈতিক সমানতা প্ৰদান তথা স্থান নিৰ্দ্ধাৰণৰ যোগ্যতা থকা হৰ্তাকৰ্তাসকল ব্ৰাহ্মণ আৰু উক্ত নিৰ্দ্ধাৰণৰ নিয়মটোৱেই হৈছে ব্ৰাহ্মণ্যবাদ।

◆ অসমত মুছলিম ব্ৰাহ্মণ্যবাদৰ সূচনা:
অসমত মুছলিম ব্ৰাহ্মণ্যবাদৰ সূচনা হয় ১৯৯৪ চনত। আৰু ইয়াৰ সূচনা কৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহাসিক স্বকীয় ঐতিহ্যক ধ্বংস কৰাৰ চক্ৰান্তৰে তথা ধৰ্মৰ নামত, মুছলমানৰ নামত একত্ৰিত হোৱাৰ মানসেৰে জন্ম লাভ কৰা, বাংলাদেশী-আৰবীয় আৰু উত্তৰ ভাৰতীয় শব্দ-সংস্কৃতিৰ ধাৰক-বাহক অসম মিঞা (অসমীয়া) পৰিষদ নামৰ এটি স্বল্পখ্যাত সংগঠনে (এনজিঅ!)। 

স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয়ৰ অসমক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্প্ৰীতিৰ অসমক প্ৰত্যাহ্বান জনাই; অসমৰ সাতামপুৰুষীয়া ঐতিহ্য-গৰিমাক কুঠাৰঘাট কৰি সংকীৰ্ণ, মৌলবাদী, সাম্প্ৰদায়িক মনোভাৱেৰে অসমৰ সমগ্ৰ মুছলমানক একত্ৰিত কৰাৰ ভয়ঙ্কৰ পৰিকল্পনাৰে অসম মিঞা (অসমীয়া) পৰিষদে ভুৱা হাজৰিকা গিয়াছুদ্দিনৰ নেতৃত্বত অসমত সূচনা কৰে মুছলিম ব্ৰাহ্মণ্যবাদ। অসমৰ সৰু-বৰ প্ৰায় ৫১ টা মুছলমান গোষ্ঠী, জনগোষ্ঠী, গোত্ৰক তেওঁলোকৰ অগোচৰে আৰু তীব্ৰ অনিচ্ছা, বিৰোধীতা স্বত্তেও এই স্বল্পখ্যাত সংগঠনটোৱে নিজাববীয়া সিদ্ধান্তৰে আটাইকেইটা গোষ্ঠী, জনগোষ্ঠী, গোত্ৰক মিলাই একক পৰিচয় তথাকথিত 'মিঞা' নামাকৰণ কৰে। আৰু ইয়াৰ জৰিয়তে আৰম্ভ কৰে মুছলিম ব্ৰাহ্মণ্যবাদ।

◆ অসম মিঞা (অসমীয়া) পৰিষদ মুছলিম ব্ৰাহ্মণ্যবাদী কেনেকৈ হ'ল :
হিন্দু সংকটত, হিন্দুক সুৰক্ষিত কৰা, হিন্দুৰ অধিকাৰ সাব্যস্ত কৰা ইত্যাদি ইত্যাদি কথাবোৰ অতি সুৰীয়া-মনোগ্ৰাহীতাৰে আওৰাই ধৰ্মৰ নামত অভিভাৱকত্ব, বিধাতাৰ ৰূপত আভিৰ্ভাৱ হৈ যিদৰে হিন্দু ব্ৰাহ্মণ্যবাদী সকলে অতি সুচতুৰতাৰে অকল ব্ৰাহ্মণ্যবাদ জীয়াই ৰাখি অন্যান্য হিন্দু গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, সাহিত্য, ঐতিহ্যৰ ওপৰত সংকট নমাই অকল হিন্দুত্ববাদৰ ট্ৰামকাৰ্ডেৰে শাসন-শোষণ কৰি আহিছে যুগে যুগে। ঠিক একেদৰে অসম মিঞা (অসমীয়া) পৰিষদ নামৰ স্বল্পখ্যাত সংগঠনটোৱেও জন্মলগ্নৰে পৰা মুছলমানৰ নামত, ধৰ্মৰ নামত অতি সুচতুৰভাৱে অসমৰ মুছলমানৰ অভিভাৱকৰ ৰূপত আৱিৰ্ভাৱ হৈ তথাকথিত মিঞাবাদ তথা মুছলিম ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে অন্যান্য মুছলমান গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, সাহিত্য, ঐতিহ্যৰ ওপৰত ভয়ঙ্কৰ আগ্ৰাসন চলাই সংকট নমাইছে।

অসম মিঞা (অসমীয়া) পৰিষদৰ নেতৃত্ববাহক সকল বাংলাভাষী মুছলমান। যিহেতু নেতৃত্ববাহক সকলৰ ভাষা বাংলা, সংস্কৃতি বাংলা, পৰম্পৰা-ঐতিহ্য-ইতিহাস বাংলা সেইহেতুকে অসমৰ অন্যান্য মুছলমান জনগোষ্ঠী সমূহৰ নিজৰ সম্পূৰ্ণ পৰিচয় বিলুপ্ত কৰি একমাত্ৰ বাংলা কৰাই মুখ্য আৰু প্ৰধান উদ্দেশ্য নিৰ্দ্ধাৰণ কৰা অসম মিঞা (অসমীয়া) পৰিষদ উল্লিখিত ব্ৰাহ্মণ্যবাদৰ সংজ্ঞা অনুসৰিয়েই মুছলিম ব্ৰাহ্মণ্যবাদী।

◆ অসম মিঞা (অসমীয়া) পৰিষদে কেনেদৰে অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ :
অসমৰ প্ৰায় ৫১ টা মুছলিম গোষ্ঠী, গোত্ৰ, জনগোষ্ঠীক মিলাই এই আটাইবোৰ মুছলমানৰ একক পৰিচয় তথাকথিত মিঞা ঘোষণাৰে নিজৰ স্বয়ম্ভু অভিভাৱকত্ব জাহিৰ কৰি অসম মিঞা (অসমীয়া) পৰিষদে মুছলমানৰ মাজত মুছলিম ব্ৰাহ্মণ্যবাদক স্থাপিত কৰিব বিচাৰি গৰিয়া,মৰিয়া,দেশী, চাহ জনগোষ্ঠী জলহা, মনিপুৰী মুছলিম, কাছাৰী মুছলিম ইত্যাদি ইত্যাদি স্বকীয় ইতিহাস ঐতিহ্যৰে সমৃদ্ধ জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সাহিত্য, সংস্কৃতি, স্বকীয়তাক বিলুপ্তি ঘটাই তথাকথিত মিঞাৰ আওঁতাৰে গোলামীৰ শিকলি বান্ধি বশ্যতা স্বীকাৰ কৰোৱাৰ দীৰ্ঘদিনীয়া ব্লুপ্ৰিন্ট ৰচনাৰে অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ।

যিদৰে হিন্দুৰ মাজত ব্ৰাহ্মণ্যবাদীয়ে অন্যান্য হিন্দুৰ সামাজিক, আৰ্থিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ বঞ্চনাৰ দীঘলীয়া ইতিহাস ৰচনা কৰিছে, ঠিক একেদৰে মুছলমানৰ মাজতো অসম মিঞা (অসমীয়া) পৰিষদে বাংলাভাষী মুছলমানৰ সংখ্যাধিক্যৰ দম্ভালি মৰাৰ লগতে ৰাজ্যখনৰ সমগ্ৰ মুছলমানক মিঞা বুলি প্ৰকাশ কৰি মুছলমানৰ সৰ্বমুঠ এটা বৃহৎ পৰিসংখ্যা জহাই চৰকাৰ পক্ষ-ৰাজনৈতিক দলবোৰক হেঁচা প্ৰয়োগৰ নামত একপ্ৰকাৰ ব্লেকমেইলিং কৰি অকল বাংলাভাষী মুছলমানৰহে স্বাৰ্থ সুৰক্ষিত কৰি মুনাফা আদায় কৰি আহিছে। আৰু এনে মুনাফা আদায়ৰ শেহতীয়া প্ৰমাণ হৈছে অসম মিঞা (অসমীয়া) পৰিষদৰ ৰাজনৈতিক দল গঠন। বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম মিঞা (অসমীয়া) পৰিষদে গুৱাহাটীৰ গৌৰী সদনত মিঞা পৰিষদৰ সভাপতি তথা ভুৱা হাজৰিকা গিয়াছুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত কৰা এখন অভিৱৰ্তন যোগে ভুৱা হাজৰিকা গিয়াছুদ্দিনক সভাপতি হিচাপে লৈ অসম মিঞা (অসমীয়া) পৰিষদে তেওঁলোকৰ নৱগঠিত ৰাজনৈতিক দল "অসম মিঞা লীগ" ঘোষণা কৰে। অসমৰ সমগ্ৰ মুছলমানৰ হৰ্তা-কৰ্তা বিধাতা বুলি নিজকে ভাবি ওভোতগৰে নচা অসম মিঞা (অসমীয়া) পৰিষদে এইবেলিও ২০২১ বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত ১ কোটি ২২ লাখ মিঞা (মুছলমান!) থকা বুলি সদম্ভে ঘোষণা কৰি পুনৰাই আন এটি ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। আৰু এনেদৰেই এতিয়া অসম মিঞা (অসমীয়া) পৰিষদে অসমৰ মুছলমানৰ ব্ৰাহ্মণ বুলি নিজকে বিবেচনা কৰি অব্যাহত ৰাখিছে মুছলিম ব্ৰাহ্মণ্যবাদ।

◆সত্যৰঞ্জনৰে সম্পৰ্ক ফাদিল : কট্টৰ-উগ্ৰ হিন্দুত্ববাদী সত্যৰঞ্জনক সহযোগ কৰাৰ অংগীকাৰ অসম মিঞা (অসমীয়া) পৰিষদৰ :
সত্যৰঞ্জন বৰাৰ স'তে অসম মিঞা (অসমীয়া) পৰিষদৰ গোপন এজেণ্ডা কি? সত্যৰঞ্জন বৰাৰ প্ৰতি ইমান মোহ, আদৰ কিহৰ বাবে অসম মিঞা (অসমীয়া) পৰিষদৰ ? কট্টৰ হিন্দুত্ববাদী সত্যৰঞ্জন মিঞা পৰিষদৰ বুকুৰ কুটুম কেতিয়াৰ পৰা হ'ল ? 

ৰাজ্যৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বৰঘৰত কুঠাৰঘাট কৰিবলৈ অহৰ্নিশে অপচেষ্টা কৰি অহা উগ্ৰ হিন্দুত্ববাদী সত্যৰঞ্জন বৰাক অসমৰ শান্তিকামী হিন্দু-মুছলমান সকলো সম্প্ৰদায়ৰ লোকে ৰাজহুৱাকৈ বৰ্জন কৰাই নহয় তেওঁৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে। সত্যৰঞ্জন য'তেই গৈছে ত'তেই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। পহুখেদা খাইছে। এনে প্ৰেক্ষাপটত অসম মিঞা (অসমীয়া) পৰিষদৰ সত্যৰঞ্জন বৰাৰ স'তে থকা মিতিৰালিৰ গোপন অধ্যায় উন্মোচিত হোৱাত স্বাভাৱিকতে অসমপ্ৰেমী জনগণৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰনা হৈছে। উল্লেখযোগ্য যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ হিন্দুসকলক ধাৰ্মিকভাৱে এক কৰাৰ দিবাস্বপ্ন দেখা সত্যৰঞ্জনক অসম মিঞা (অসমীয়া) পৰিষদে যোৱা ৮ অক্টোবৰত দক্ষিণ কামৰূপৰ নগৰবেৰাত অসমীয়াৰ আৱেগ গামোচা পিন্ধাই আদৰি ভৱিষ্যতৰ বহু গোপন এজেণ্ডাৰ ইংগিত দিব বিচৰা নাইনে ? সত্যৰঞ্জনক গামোচা পিন্ধাই তেওঁৰ সাম্প্ৰদায়িক যাত্ৰাক শুভেচ্ছা জনাই অসম মিঞা (অসমীয়া) পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি এম আমিৰ হুছেইনে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে অসমীয়া জাতি গঢ়াৰ যি পদক্ষেপ সত্যৰঞ্জন বৰাই লৈছে তাত অসম মিঞা (অসমীয়া) পৰিষদে সহযোগিতা কৰিব। তাৎপৰ্যপূৰ্ণ এয়া যে ইতিপূৰ্বে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মুছলমান সকলক ধাৰ্মিকভাৱে তথা একক পৰিচয়ৰে তথাকথিত মিঞা বুলি ঘোষণা কৰা অসম মিঞা (অসমীয়া) পৰিষদৰ সৈতে সত্যৰঞ্জন বৰাৰ হিন্দু একত্ৰীকৰণৰ আঁচনি তথা অভিযান সম্পূৰ্ণ একে। এনে উদ্দেশ্য আৰু আদৰ্শগত মিল থকা এই দুই গোটৰ কাৰ্যৰ পৰা এটা কথা স্বাভাৱিকতে পৰিস্কাৰ হয় যে হিন্দুক মুছলমানৰ ভয় দেখুৱাই সত্যৰঞ্জনে নিজৰ ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ আৰু মুছলমানক হিন্দুৰ ভয় দেখুৱাই সাম্প্ৰদায়িক মেৰুবিভাজনেৰে অসম মিঞা (অসমীয়া) পৰিষদে নিজৰ ন্যস্তস্বাৰ্থ পূৰণৰ অপচেষ্টা অব্যাহত ৰাখি এই দুই গোটে নিজৰ নিজৰ সাম্প্ৰদায়িক চৰিত্ৰ অতি নিৰ্লজ্জভাৱে প্ৰকাশ কৰিছে।

অসম মিঞা (অসমীয়া) পৰিষদ আৰু সত্যৰঞ্জনৰ মাজৰ সংযোগ শেহতীয়াকৈ ফাদিল হোৱাটোৱে ভৱিষ্যত অসমৰ বাবে ভয়াৱহ ইংগিত বহন কৰাটো খাটাং বুলি আজি সৰ্বত্ৰে চৰ্চিত।

◆ কিয় মুছলমানৰ আৰ এছ এছ অসম মিঞা (অসমীয়া) পৰিষদ ?
ধৰ্মৰ নামত শাসনযন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষকে হিন্দু ৰাষ্ট্ৰ কৰাৰ পোষকতা কৰা উগ্ৰ হিন্দুত্ববাদী সংগঠন হিচাপে পৰিচিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে দেশৰ ধৰ্ম নিৰপেক্ষ পৰিকাঠামোৰ ওপৰত বাৰ বাৰ আঘাত কৰি অহাৰ উদাহৰণ বহুত আছে। সেই একেটা পথকে অনুসৰণ কৰি অসম মিঞা (অসমীয়া) পৰিষদে অসমৰ সাতামপুৰুষীয়া সদ্ভাৱ বিনষ্ট কৰি অসমত মুছলিম মৌলবাদ-সাম্প্ৰদায়িকতাৰ পোহাৰ মেলিছে নেকি অসমৰ সমগ্ৰ মুছলমানক এক কৰি একক পৰিচয়ৰে তথাকথিত মিঞা নামাকৰণৰ জৰিয়তে ? অসমৰ সমগ্ৰ মুছলমানক এক কৰি একক পৰিচয়ৰে অসম মিঞা (অসমীয়া) পৰিষদে কাৰ বিৰুদ্ধে প্ৰত্যাহ্বান হিচাপে থিয় দিব বিচাৰে? আৰ এছ এছৰ বিৰুদ্ধে নে আৰ এছ এছৰ লেখীয়াকৈ অসমৰ সমগ্ৰ হিন্দুৰ বিৰুদ্ধে ? এইসমূহ প্ৰশ্ন কিন্তু মুঠেই অবান্তৰ নহয়। অসমৰ সমগ্ৰ মুছলমানৰ একক পৰিচয় ঘোষণা কৰাৰ অন্তৰালৰ ৰহস্য প্ৰকৃততে অসমৰ সমগ্ৰ মুছলমানৰ সৰ্বাংগীন উন্নয়ন নে মিঞালেণ্ড (মুছলিমলেণ্ড!), মিঞা (মুছলিম!) স্বায়ত্ব শাসন গঢ়াৰ ব্লুপ্ৰিন্ট অসম মিঞা (অসমীয়া) পৰিষদৰ ? 

◆ আৰ এছ এছ আৰু মুছলিম আৰ এছ এছৰূপী অসম মিঞা (অসমীয়া) পৰিষদৰ মাজৰ সাদৃশ্য:
১) আৰ এছ এছে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ দাবী কৰি আহিছে। একেদৰে অসম মিঞা (অসমীয়া) পৰিষদেও মিঞালেণ্ড (মুছলিমলেণ্ড!) ৰাজ্যৰ দাবী (২০১২চনৰ পৰা) তোলাৰ লগতে মিঞা (মুছলিম!) স্বায়ত্ব শাসনৰ দাবী তুলিছে।

২) সকলো হিন্দু এক হ'ব লাগে বুলি শ্লোগান দি আহিছে আৰ এছ এছে। একেদৰে অসমৰ সকলো মুছলমান এক হ'ব লাগে, আৰু একক পৰিচয় মিঞা বুলি ঘোষণা কৰিছে অসম মিঞা (অসমীয়া) পৰিষদে।

৩) হিন্দু শোষিত, লাঞ্ছিত, বঞ্ছিত, সংকটত বুলি অতি মনোগ্ৰাহী আৰু সুৰীয়া ভাষণ আওঁৰায় আৰ এছ এছে। ঠিক একেদৰে মুছলিম শোষিত, লাঞ্ছিত, বঞ্ছিত, সংকটত বুলি ঘৰিয়ালৰ চকুপানী টোকে অসম মিঞা (অসমীয়া) পৰিষদেও। 

৪) আৰ এছ এছে ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী জন্ম দি নিজৰ লক্ষ্য-উদ্দেশ্য সাধনৰ ৰাজনৈতিক সংগ্ৰাম অব্যাহত ৰাখিছে। একেদৰে অসম মিঞা (অসমীয়া) পৰিষদেও ২০১৯ চনত গঠন কৰিছে ৰাজনৈতিক দল অসম মিঞা লীগ। এইবেলি ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ লক্ষ্য-উদ্দেশ্য সাধনৰ বাবে পুনৰ আন এক নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছে স্বল্পখ্যাত সংগঠনটোৱে।

◆ অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, মনজিৎ মহন্ত আৰু অখিল গগৈ সমালোচিত নহ'ব কিয় ?
এই উপ শিৰোনাম চাই বহুতে ভবাৰ দৰে উল্লিখিত ব্যক্তি চাৰিগৰাকীক হকে-বিহকে সমালোচনা কৰা আমাৰ লেখনিৰ উদ্দেশ্য নহয়। কিন্তু কোনো ব্যক্তি বা সংগঠন সমালোচনাৰ উৰ্ধত নহয়। অসমৰ সংবাদ জগতৰ স্বনামধন্য সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু আৰু মনজিৎ মহন্তৰ লগতে সংগ্ৰামী কৃষক নেতা অখিল গগৈৰ বিগত দিনৰ কিছুমান কাৰ্যকলাপে অসমৰ স্বাভিমান অক্ষুণ্ন ৰখাৰ বাবে দায়বদ্ধতাৰে যুঁজ দি অহা ব্যক্তি সকলক সংশয়, সন্দেহৰ মাজলৈ ঠেলি দিয়াটো তেনেই স্বাভাৱিক। কিয়নো বিগত দিনসমূহত আমি লক্ষ্য কৰি আহিছো যে অজিত কুমাৰ ভূঞাৰ বাহিৰে উল্লিখিত তিনিওগৰাকী ব্যক্তিয়ে নিজৰ বিবেক-বুদ্ধিক বিসৰ্জন দি অসম মিঞা (অসমীয়া) পৰিষদৰ বোকোচাত উঠিছে। মুলত: অসম মিঞা (অসমীয়া) পৰিষদৰ লক্ষ্য-উদ্দেশ্য সাধনত সাৰপানী যোগাই অসমীয়া জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে অসম (মিঞা) অসমীয়া পৰিষদে ৰচনা কৰা ষড়যন্ত্ৰক ফলৱতী কৰাত এইকেইগৰাকী সন্মানীয় ব্যক্তিয়ে বৰঙণি আগবঢ়াইছে নেকি? আমাৰ এই প্ৰশ্নৰ যুক্তি নিশ্চয় নথকা নহয়। আমি ইতিমধ্যে ওপৰত বিস্তৃতভাৱে তথ্য-যুক্তিৰে বিশ্লেষণ কৰিছো অসম মিঞা (অসমীয়া) পৰিষদ নামৰ স্বল্পখ্যাত সংগঠনটো কিদৰে মুছলিম ব্ৰাহ্মণ্যবাদী আৰু মুছলিমৰ আৰ এছ এছ হিচাপে নিজকে অৱতীৰ্ণ কৰিছে। তেনেক্ষেত্ৰত এই আটাইকেইগৰাকী সন্মানীয় ব্যক্তিৰ এই স্বল্পখ্যাত সংগঠনটো সন্দৰ্ভত ধ্যান-ধাৰণা কেনে সেয়া তলৰ সাধাৰণ পৰ্য্যালোচনাতে পৰিস্কাৰ হ'ব।

●অজিত কুমাৰ ভূঞা:- সাংসদ নিৰ্বাচিত হোৱাৰ পাছত অসমৰ মুছলমানৰ প্ৰতি পূৰ্বতকৈ কিছু বেছি দৰদী দেখা গৈছে সাংসদ অজিত কুমাৰ ভূঞাক। কংগ্ৰেছ দলৰ লগতে এআইইউডিএফ দলৰ সমৰ্থনত ৰাজ্যসভাৰ সাসংদ নিৰ্বাচিত হোৱা অজিত কুমাৰ ভূঞাই বিভিন্ন বক্তব্যত অসমৰ মুছলমানৰ কথা ক'বলৈ গৈ মুছলমান বুলিয়ে সম্বোধন কৰি অসমৰ জনগোষ্ঠীয় ঐতিহ্যৰে পূৰ্ণ গৰিয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী জলহা, কাছাৰী মুছলমানৰ স'তে আন আন মুছলমানকো একে শাৰীতে ৰাখিব বিচাৰিছে। মনকৰিবলগীয়া যে অসমত বাংলাভাষী মুছলমানৰ সংখ্যাধিক্যৰ বাবেই ৰাজনৈতিক ক্ষেত্ৰত মুছলমান বুলিলে মুলত বাংলাভাষী মুছলমানৰ ছবিখনি সূদুৰ সময়ৰে পৰা মনলৈ অহা হেতুকে শেহতীয়াকৈ মুছলমানৰ স্বাধীকাৰৰ কথা কোৱা ৰাজনৈতিক নেতা, সাংসদ অজিত কুমাৰ ভূঞাৰ বক্তব্য সমূহত গৰিয়া, মৰিয়া, দেশীৰ যন্ত্ৰণা প্ৰতিফলিত নহয়। এনে প্ৰেক্ষাপটত ভূঞাদেৱৰ মন্তব্যবোৰৰ দ্বাৰা বাংলাভাষী মুছলমান সকলক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে গৰিয়া, মৰিয়া, দেশী সকল উপেক্ষিত হোৱাটো স্বাভাৱিক। এনে বৈষম্য কাৰো বাবে কাম্য নহয়‌। আনহাতে গৰিয়া, মৰিয়া, দেশীৰ জনগোষ্ঠীয় ঐতিহ্যক আন্ধাৰত ৰাখি মুছলমান শব্দৰে অসমৰ সমগ্ৰ মুছলমানক সম্বোধন কৰি অজিত কুমাৰ ভূঞাই অসম মিঞা (অসমীয়া) পৰিষদৰ অসমৰ সমগ্ৰ মুছলমানক একক পৰিচয়ৰে তথাকথিত মিঞাকৰণৰ আৰ্হিৰ নিচিনাকৈয়ে ধাৰ্মিকভাৱে অসমৰ মুছলমানক এক কৰাৰ দৰে হোৱা নাইনে? 

●প্ৰশান্ত ৰাজগুৰু:- আচৰিতভাৱে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে অসম মিঞা (অসমীয়া) পৰিষদৰ সভাত অংশগ্ৰহণ কৰি মিঞা পৰিষদৰ ৰাজনৈতিক এজেণ্ডাক সমৰ্থন কৰা কাৰ্য অতিকৈ আত্মঘাটী বুলিব পাৰি। যোৱা ২৩ চেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অসম মিঞা (অসমীয়া) পৰিষদে অনুষ্ঠিত কৰা এখন আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক গৰাকীয়ে। যি অসম মিঞা (অসমীয়া) পৰিষদে মিঞালেণ্ড দাবী কৰিছে, যি সংগঠনে অসমৰ সমগ্ৰ মুছলমানক ধাৰ্মিক একত্ৰীকৰণেৰে মিঞা স্বায়ত্ব শাসন দাবী কৰে; তেনে অসম বিভাজনকামী, অসাংবিধানিক দাবীকৰ্তা সংগঠনৰ কাৰ্যসূচীত প্ৰশান্ত ৰাজগুৰুৰ দৰে জ্যেষ্ঠ সাংবাদিকৰ অংশগ্ৰহণ অতিকৈ দূৰ্ভাগ্যজনকেই নহয় মাৰাত্মকো।

●মনজিৎ মহন্ত:- অসমৰ ঐতিহ্যপূৰ্ণ জনগোষ্ঠী গৰিয়া, মৰিয়া, দেশী আদিকে ধৰি আন বহুকেইটা জনগোষ্ঠীৰ স্বকীয়তাক গো-গ্ৰাসে গিলিব খুজি জনগোষ্ঠী কেইটাক তথাকথিত মিঞা অভিধাৰ আওঁতালৈ আনিব বিচৰা স্বল্পখ্যাত অসম মিঞা (অসমীয়া) পৰিষদৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই উল্লিখিত জনগোষ্ঠী সমূহৰ গৌৰৱময় ঐতিহ্যক নস্যাৎ কৰা অসম মিঞা (অসমীয়া) পৰিষদক সাৰ-পানী যোগোৱা, অনুপ্ৰাণিত কৰা কাৰ্য নিসন্দেহে দুষ্কাৰ্য। অসমীয়া জাতিক ভালপোৱা কোনো ব্যক্তিৰ দ্বাৰা এনে দুষ্কাৰ্য সম্ভৱনে? অসম মিঞা (অসমীয়া) পৰিষদে বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰা অসম মিঞা লীগ নামৰ নৱগঠিত ৰাজনৈতিক দল গঠনৰ অভিৱৰ্তন অনুষ্ঠানটো অংশগ্ৰহণ কৰি সংগঠনটোক উৎসাহিত কৰিছিল মনজিৎ মহন্তই। সৌ সিদিনা ১৮ জানুৱাৰীত বকোৰ ডেকাচাংত অসম মিঞা (অসমীয়া) পৰিষদে অনুষ্ঠিত কৰা সভাত অংশগ্ৰহণ কৰাকে ধৰি সংগঠনটোৰ আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক মনজিৎ মহন্তই অসমীয়া জাতীয় জীৱনলৈ কি বাৰ্তা দিব বিচাৰিছে ? 

●অখিল গগৈ:- মুছলমান তৈলমৰ্দনৰ ৰাজনীতিত সিদ্ধহস্ততাৰ পৰিচয় দাঙি ধৰি অখিল গগৈয়ে ২০১৭ চনত কাজিৰঙা অৰ্কিড উদ্যানত মিঞা সংস্কৃতি সংগ্ৰহালয় স্থাপন কৰিব বুলি কৰা ঘোষণাই স্বাভাৱিকতে অসম মিঞা (অসমীয়া) পৰিষদক অত্যুৎসাহী কৰি তোলাই নহয় বৰং এই স্বল্পখ্যাত সংগঠনটোৰ অসাংবিধানিক, বিভাজনকামী লক্ষ্য-উদ্দেশ্যক এক মাত্ৰা প্ৰদান কৰা নাইনে? কিহৰ আধাৰত অখিল গগৈয়ে মিঞা শব্দ ব্যৱহাৰ কৰিলে? তেওঁৰ এই আধাৰৰ উৎস অসম মিঞা (অসমীয়া) পৰিষদ নেকি? যদি সেয়াই হয় তেন্তে অখিল গগৈক অসমৰ জাতীয় জীৱনে ভিলেইন হিচাপে ঘোষণা কৰিবলৈও কুন্ঠাবোধ নকৰিব।

◆ মিঞা মানে আচলতে কি? অসমত মিঞা জনগোষ্ঠী আছেনে?
সাম্প্ৰতিক সময়ত অসমত অতি প্ৰচলিত শব্দ মিঞা। শেহতীয়াকৈ দুই-এক লেখকে মিঞা শব্দটোৰে তেওঁলোকৰ লেখাত বাংলাভাষী মুছলমানক বুজাব বিচাৰে যদিও অসমৰ গৌৰৱময় ঐতিহ্যপূৰ্ণ ইতিহাসত মিঞা নামে কোনো জনগোষ্ঠীৰ নাম উল্লেখ নাই। অসমত মুষ্ঠিমেয় এচাম লোকে আন কিছু লোক সন্দৰ্ভদ মিঞা শব্দটো প্ৰয়োগ কৰি কটুক্তি কৰা দেখা যায় যদিও সেয়া সাহিত্যৰ লিখিত ৰূপত নহয়, মৌখিক ৰূপতহে। মিঞা শব্দটো পাৰ্চীমূলৰ। যাৰ অৰ্থ ডাঙৰীয়া বা সন্মানীয়। হেমকোষ অভিধানমতে মুছলমান ভদ্ৰলোকক মিঞা বোলা হয়। উত্তৰ ভাৰতীয় সমাজ ব্যৱস্থাত এই মিঞা শব্দটোৰ বহুল প্ৰচলন আছে। দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যসমূহত মিঞা শব্দটোৰে মুছলমান সকলক সম্বোধন কৰা হয়। আনকি উক্ত ৰাজ্যসমূহত মিঞা শব্দটোক পুলিংগ অৰ্থত ব্যৱহাৰ কৰি কোনো স্বামী-স্ত্ৰীক মিঞা-বিবি বুলিও কোৱা হয়। 

◆মিঞাৰ দৰে গেদা জনগোষ্ঠীৰো জন্ম হ'ব নেকি? লিখা হ'বনে গেদা কবিতা? 
মুষ্ঠিমেয় কিছু সমাজ বিভাজনকামী লোকে বাংলাভাষী মুছলমান কিছুলোকক মিঞা বুলি মৌখিকভাৱে কটুক্তি কৰাৰ বাবেই তথাকথিত মিঞা কবিতা ৰচনাৰে অসমৰ শান্তিময় সমাজ ব্যৱস্থাত সন্দেহ, সংশয়ৰ বাতাৱৰণ সৃষ্টিৰে তোলপাৰ লগোৱাৰ লগতে অসম মিঞা (অসমীয়া) পৰিষদক তেওঁলোকৰ অসম বিভাজনকামী লক্ষ্য-উদ্দেশ্যক অনুপ্ৰাণিত কৰাসকলে এতিয়া গেদা কবিতা লিখিবনে বুলি প্ৰশ্ন যদি কৰা হয় সেয়া অযুক্তিকৰ বুলি ক'ব কেনেকৈ ? একেদৰে অসমৰ সমগ্ৰ মুছলমানক একক পৰিচয়ৰে মিঞা আখ্যায়িত কৰা অসম মিঞা (অসমীয়া) পৰিষদৰ প্ৰতিক্ৰিয়া কি হ'ব? উল্লেখযোগ্য যে অতি শেহতীয়াকৈ বালাংভাষী মুছলমান সন্দৰ্ভদ কিছু দুষ্টচক্ৰই মিঞা শব্দৰ সলনি গেদা বুলি কটুক্তি কৰা আৰম্ভ কৰা দেখা গৈছে। আনহাতে সৌ সিদিনা ৰাজ্যজুৰি তোলপাৰ লগোৱা মঙলদৈৰ গৰিয়া জনগোষ্ঠীৰ যুৱক ৰাফুলৰ তথাকথিত লাভ জেহাদৰ ঘটনাক লৈ চ'চিয়েল মিডিয়াত গেদা শব্দৰ ব্যাপক প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছিল। এনে প্ৰেক্ষাপটত মিঞা শব্দটোৰ দৰেই সম্প্ৰতি মুছলমান মানেই একাংশ দুষ্টচক্ৰই গেদা শব্দৰে কটুক্তি কৰিবলৈ লোৱাৰ প্ৰতি লক্ষ্য কৰি মিঞা কবিতা ৰচনাকাৰী সকলে গেদা কবিতা ৰচনা কৰিবনে আৰু অসম মিঞা (অসমীয়া) পৰিষদে নিজৰ সংগঠনৰ নাম সলনি কৰি অসম গেদা (অসমীয়া) পৰিষদ ৰাখিবলৈ সাজুনে? এই প্ৰশ্ন এইবাবেই উত্থাপিত হয় যে যদিহে কোনোবাই মিঞা বুলি কটুক্তি কৰাৰ বাবে তাৰ প্ৰতিবাদেৰে কবিতা ৰচিত হয়, সেই কটুক্তিৰ আঁত ধৰি জনগোষ্ঠী জন্ম দিয়া হয় তেন্তে অতি সম্প্ৰতি বহুল প্ৰচাৰিত গেদা শব্দটোৰ ক্ষেত্ৰত কি হোৱা উচিত? উল্লেখ কৰাৰ প্ৰয়োজন যে বাংলা ভাষাৰ শব্দ গেদাৰ অসমীয়া অৰ্থ বাবু, কণ অথবা সোণ। অসমীয়াত যিদৰে মৰমতে কোনো সৰু ল'ৰাক বাবু বা কণ বা সোণ বুলি মতা হয়; ঠিক একেদৰে বাংলা ভাষাতো মৰমতে গেদা বুলি মতা হয়।

অসমৰ সমাজ জীৱনত অদ্যপি কোনোকালেই উত্থাপিত নোহোৱা দাবী উত্থাপন কৰিছে অসম মিঞা (অসমীয়া) পৰিষদে। শংকৰ-আজানৰ কথা কৈ, সম্প্ৰীতিৰ কথা কৈ অতি সুচতুৰভাৱে এই সংগঠনটোৱে প্ৰকৃতপক্ষে অসমৰ শংকৰ-আজানৰ আদৰ্শৰ বিৰুদ্ধে, যাউতিযুগীয়া সম্প্ৰীতিৰ বিৰুদ্ধে থিয় হৈ বিভাজনমূলক মিঞালেণ্ড আৰু অসাংবিধানিক মিঞা স্বায়ত্ব শাসন দাবী কৰি অসমীয়া জাতীয় জীৱনলৈহে প্ৰত্যাহ্বান নমাই আনিছে। অসমৰ কোনো সংগঠনে ধৰ্মৰ নামত একত্ৰিত হোৱাৰ নজিৰ পাবলৈ নোহোৱা অসমত মুছলমানৰ ব্ৰাহ্মণ আৰু আৰ এছ এছৰ ভূমিকাত অৱতীৰ্ণ হৈ অসম মিঞা (অসমীয়া) পৰিষদে ধৰ্মৰ নামত অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে যি আগ্ৰাসন চলাই আহিছে সেয়া অসমৰ জাতীয় জীৱনলৈ ভয়ঙ্কৰ অশনি সংকেত। সংগঠনটোৰ এই ধৰণৰ অসাংবিধানিক, বিভাজনকামী লক্ষ্য-উদ্দেশ্য অনুধাৱন কৰিয়েই চৰ-চাপৰিৰ বিশিষ্ট সাহিত্যিক জ্যেষ্ঠ ইছমাইল হুছেইন, কনিষ্ঠ ইছমাইল হোছেইন, ড: হাফিজ আহমেদকে ধৰি বৌদ্ধিক মহ'লে অসম মিঞা (অসমীয়া) পৰিষদক নস্যাৎ কৰি আহিছে। চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ সভাপতি ড: হাফিজ আহমেদে লিখিছে যে "বিচ্ছিন্ন ভাবে মিঞালেন্ডৰ প্ৰশ্ন কিয় আহে? এনে দাবীয়ে চৰ-চাপৰিবাসীক আৰু অধিক বিচ্ছিন্নহে কৰি তুলিব। এনে দাবী উত্থাপন কৰাসকল অইন যিয়েই নহওক কিয় চৰ-চাপৰিবাসীৰ বন্ধু নহয়। এনে দাবীয়ে অসমত ধৰ্মীয় মেৰুকৰণ আৰু অধিক কটকটীয়া কৰিব‌, যাৰ ফলত ক্ষতিগ্ৰস্ত হ'ব চৰ-চাপৰিবাসীহে। মিঞা স্বায়ত্ব পৰিষদৰ দাবী যদি বাস্তৱায়িত হ'লেও-এচাম নতুন দালালৰহে সৃষ্টি হ'ব-চৰ-চাপৰিবাসীৰ কোনো সমস্যাৰ সমাধান নহ'ব। এনে দাবী উত্থাপন কৰাসকলে জ্বলা জুইত ঘিউহে ঢালিব বিচাৰিছে। সেয়ে এনে প্ৰস্তাৱৰ বিপক্ষে সকলোৱে প্ৰতিবাদ কৰা উচিত।"

পৰিশেষত এয়াই ক'ব লাগিব যে নজিৰ স্থাপন কৰি ধৰ্মৰ নামত গঠিত এই ধৰণৰ সংগঠনক অসমবাসীয়ে পুলিয়ে-পোখাই উভালিব লাগিব।
ফোন-৯১০১৪৬৫১০০

No comments:

Post a Comment

SPONSORED