হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খৱৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 7, 2020

হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খৱৰ

 ৰাজ্য চৰকাৰৰ ‘অভিনন্দন’- হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব আৰ্থিক অনুদান


শনিবাৰে আমিনগাঁৱত ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰে অভিনন্দন নামেৰে এখন আঁচনি ৷শনিবাৰে আমিনগাঁৱত ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰে অভিনন্দন নামেৰে এখন আঁচনি। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত ১৫ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব আঁচনিৰ অনুমোদন পত্ৰ।

উল্লেখযোগ্য যে, চলিত বৰ্ষত সকলো উচ্চ শিক্ষাৰ নামভৰ্তি বিনামূলীয়াকৈ দিয়া হৈছে। সেইদৰে স্নাতকত্তোৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেংক একাউণ্টত চৰকাৰে জমা কৰিব ২ হাজাৰকৈ টকা। ছাত্ৰবাস, অথবা ছাত্ৰীবাসীত থকা শিক্ষাৰ্থীক ১ হাজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

ইফালে আনন্দৰাম বৰুৱা বঁটাত লেপটপৰ পৰিৱৰ্তে ২০ হাজাৰ টকা প্ৰদান কৰা হৈছে।উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হেজাৰ শিক্ষাৰ্থীক স্কুটি প্ৰদান কৰিব।সেইদৰে শিক্ষামূলক ঋণ লোৱা ৪৫০৭ গৰাকী শিক্ষাৰ্থীৰ লোন ৰেহাই দিব চৰকাৰে।সৰ্বাধিক ৫০ হাজাৰ টকা পৰ্যন্ত ৰেহাই পাব লোন লোৱা শিক্ষাৰ্থীয়ে। ইয়াৰ বাবদ ২২ কোটি টকা ব্যয় হ’ব ৰাজ্য চৰকাৰৰ।


No comments:

Post a Comment

SPONSORED