মহানগৰীত গ্ৰেপ্তাৰ ১১ জন ভুৱা আৰ্মী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2020

মহানগৰীত গ্ৰেপ্তাৰ ১১ জন ভুৱা আৰ্মী

গুৱাহাটী : মহানগৰীত এইবাৰ ভুৱা আৰ্মীৰ প্ৰয়োভৰ৷ সোমবাৰে নিশা আজাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জন ভুৱা আৰ্মী৷ সেনাৰ পোছাকেৰে ৰাজপথত টহল দি থকা অৱস্থাত বিমান বন্দৰৰ সমীপৰ পৰা আটাইকেইজনক আটক কৰিলে আৰক্ষীয়ে৷


গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এখন গাড়ীসহ আটক কৰে ১১ জন ভুৱা আৰ্মীক৷ বৰ্তমান আজাৰা থানাত জেৰা কৰা হৈছে ভুৱা আৰ্মীকেইজনক৷ তেওঁলোক কিয়, কৰ পৰা আহিছে বৰ্তমান কোনো তথ্য পোহৰলৈ অহা নাই৷ইতিমধ্যে সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত বৰ্তমান কোনো সেনাৰ লগত জড়িত নহয় বুলি জানিব পৰা গৈছে আটকাধীন লোককেইজন৷ 


No comments:

Post a Comment

SPONSORED