আছুত মাফিয়াৰাজৰ অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদকৰ পদত্য়াগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2020

আছুত মাফিয়াৰাজৰ অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদকৰ পদত্য়াগ

 গুৱাহাটী : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক শক্তি উত্থানৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাত মাফিয়াৰাজৰ বহু অভিযোগ উত্থাপিত হৈছে৷ আছুৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মাফিয়াৰাজৰ অভিযোগ তুলি স্বয়ং সহকাৰী সাধাৰণ সম্পাদকে এইবাৰ এৰিলে সংগঠন। 


দুলিয়াজানত অনুষ্ঠিত হ’ব লগা ছাত্ৰ সন্থাৰ অধিৱেশনৰ পূৰ্বে ছাত্ৰসন্থাত আৰম্ভ হৈছে বিদ্ৰোহ৷ আছুত দীপাংক আৰু লুৰীণৰ মাফিয়াৰাজ চলিছে বুলি অভিযোগ তুলি সহকাৰী সাধাৰণ সম্পাদক পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্য়াগ কৰে চৈয়দ মনোৱাৰ হুছেইনে৷ 

সোমবাৰে সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আছুক ব্যৱহাৰ কৰি আহিছে বুলি বিস্ফোৰক অভিযোগ তুলে৷ নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে কিছু মতবিভেদৰ সৃষ্টি হৈছে৷ যাৰ ফলত ইজনৰ পাছত সিজনকৈ আছুৰ নেতৃবৰ্গই এৰিছে সংগঠন৷


No comments:

Post a Comment

SPONSORED