গোলকগঞ্জ আৰক্ষীৰ অভিযানত ভুৱা নথি-পত্র সহ দুজন যুৱক আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 4, 2020

গোলকগঞ্জ আৰক্ষীৰ অভিযানত ভুৱা নথি-পত্র সহ দুজন যুৱক আটক

 গোলকগঞ্জ : গোলকগঞ্জ আৰক্ষীৰ অভিযানত ভুৱা নথি-পত্র সহ দুজন যুৱক আটক । ধৃত দুই যুৱকৰ পৰা ভুৱা মাৰ্কশ্বিট এডমিট,  কম্পিউটাৰ ,  ছিল মোহৰকে ধৰি বিভিন্ন আপওিজনক সামগ্রী উদ্ধাৰ কৰে । নিশা গোলকগঞ্জ আৰক্ষীৰ অভিযানত ভুৱা নথি পএৰ ব্যবসায়ীত জড়িত এই দুই যুৱকক আটক কৰে।


 

আটকাধীন লোক কেইজন হৈছে আগমনিৰ কালডোৱাৰ মফিজুল ইছলাম আৰু ধুবুৰীৰ প্ৰধানী গাঁৱৰ  ছফিকুল ইছলাম । উল্লেখ্য যে, গোপন সুত্ৰৰ পম খেদি দুই যুৱকৰ গৃহত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাইছিল । অভিযানত বিভিন্ন পৰীক্ষাৰ ভুৱা উওীৰ্নৰ এডমিট মাৰ্কশ্বিট, বিদ্যালয়ৰ ভুৱা ছিল মোহৰৰ লগতে ভুৱা এডমিট মাৰ্কশ্বিটৰ বনোৱাৰ বাবে ব্যৱহৃত কম্পিউটাৰ,  পিন্টাৰ উদ্ধাৰ কৰে ।

সম্প্ৰতি ধৃত দুই যুৱকক গোলকগঞ্জ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে এই চক্ৰটোৱে দীৰ্ঘ দিন ধৰি ধনৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক ভুৱা উত্তীৰ্নৰ এডমিট মাৰ্কশ্বিট যোগান ধৰি আহিছে । 


No comments:

Post a Comment

SPONSORED