পুনৰ বিপদত কংগনা ৰানাৱট! গোচৰ তৰিছে জাভেড আখতাৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 4, 2020

পুনৰ বিপদত কংগনা ৰানাৱট! গোচৰ তৰিছে জাভেড আখতাৰে

মুম্বাই : বিপদ বৃদ্ধি পাব পাৰে অভিনেত্ৰী কংগনা ৰানাৱটৰ। এইবাৰ কংগনাৰ বিৰুদ্ধে গোচৰ তৰিছে প্ৰখ্যাত কবি, গীতিকাৰ জাভেড আখতাৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কত তেওঁক সাঙুৰি ভিত্তিহীন মন্তব্য কৰাৰ অভিযোগত মুম্বাইৰ এখন আদালতত মানহানিৰ গোচৰ তৰিছে প্ৰখ্যাত গীতিকাৰগৰাকীয়ে।



তেওঁ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কংগনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে পশ্চিম মুম্বাইৰ আন্ধেৰীৰ মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ ওচৰত গোচৰ দিছে। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি অনুসৰি কংগনা ৰানাৱটে ভিত্তিহীন মন্তব্য কৰি তেওঁক অপদস্ত কৰা বুলি অভিযোগ কৰিছে।

উল্লেখ্য যে, বিগত সময়ছোৱাত ভালেমান অবাঞ্চিত মন্তব্যৰে সংবাদ শিৰোনাম দাখিল কৰি অহাৰ লগতে প্ৰবল বিতৰ্কৰো সূত্ৰপাত ঘটাই আহিছে কংগনা ৰানাৱটে। মুম্বাই চৰকাৰৰ সৈতে হোৱা সংঘাতৰ বাবে তেওঁ মুম্বাই এৰিবলৈও বাধ্য হৈ পৰিছিল। শেহতীয়াকৈ জাভেদ আখতাৰে তৰা গোচৰে পুনৰ জটিলতাৰ মাজলৈ লৈ যাব পাৰে অভিনত্ৰীগৰাকীক।


No comments:

Post a Comment

SPONSORED