লখিমপুৰঃ অসম-অৰুণাচল সীমান্তৰ লখিমপুৰৰ কাকৈ ৰাজগড়ত বন্যহস্তীয়ে তাণ্ডৱ চলাই প্ৰাণ ল’লে এজন ব্যক্তিৰ। ৰাজগড়ৰ ফ’ৰেষ্ট ক’লনীৰ নন্দু উৰাং নাম ব্যক্তিজনক কালি নিশা হাতীয়ে গচকী হত্যা কৰে।
কিছুদিনৰ পূৰ্বেও এগৰাকী মহিলাক বন্যহস্তীয়ে উক্ত অঞ্চলত নিৰ্মমভাৱে হত্যা কৰিছিল। এনে বহুকেইটা ঘটনা সংঘটিত হোৱাৰ পাছতো বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৃহত্তৰ কাকৈ ৰাজগড়ত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্রত বৰ্তমানো লোৱা নাই কোনোধৰণৰ ব্যৱস্থা।
বন বিভাগৰ অকৰ্মন্যতাৰ ফলত নিদ্ৰাহৰণ হৈছে এতিয়া সীমান্তবাসীৰ। ইফালে নিতৌ কেইবা হেক্টৰ পকা ধান খাই তহিলং কৰি আহিছে বন্যহস্তীয়ে। স্থানীয় ৰাইজ তথা দল-সংগঠনে বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভপ্ৰকাশ কৰাৰ লগতে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থাগ্ৰহণ কৰিবলৈ দাবী জনাইছে।
No comments:
Post a Comment