আৰক্ষীৰ জালত পৰিল হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 19, 2020

আৰক্ষীৰ জালত পৰিল হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ

শিৱসাগৰ : শিৱসাগৰৰ হাতীখোকত এটা কূখ্যাত অপৰাধীয়ে আশ্ৰয় লোৱাক কেন্দ্ৰ কৰি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ অভিযানত জালত পৰিল হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ৷


অঞ্চলটোৰ এটা পৰিয়ালত ছদ্ম বেশেৰে দীৰ্ঘদিন ধৰি আশ্ৰয় লৈছিল অপৰাধীটোৱে ৷ নিজকে সাংবাদিক বুলি পৰিচয় দিছিল নাজিৰা, গেলেকী আঠখেল আদি অঞ্চলত আৰু দীৰ্ঘদিনে ধনদাবী, ব্লেকমেইলিং আৰু হানিট্ৰেপিঙৰ দৰে অপৰাধ সংঘটিত কৰি আহিছিল ফাৰহান লস্কৰে৷ ফাৰহানৰ অপৰাধৰ সম্পৰ্কে জানিব পাৰি গাওঁৰক্ষী বাহিনীৰ সহায়ত স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম শোধোৱাৰ লগতে চমজাই দিয়ে শিৱসাগৰ আৰক্ষীক৷

পূৰ্বতে হানী ট্ৰেপিং, ধন দাবীৰ গোচৰত জে’ললৈ গৈছিল ফাৰহান লস্কৰ নামৰ অপৰাধীটো৷ গেলেকী আৰক্ষীয়ে তিনি বছৰৰ পূৰ্বে দেওপানী বনাঞ্চলৰ পৰা কৰায়ত্ব কৰিছিল অপৰাধীটোক ৷ নাজিৰা আৰক্ষী থানাত কুখ্যাত অপৰাধীটোৰ বিৰুদ্ধে ধন দাবী- হানি ট্ৰেপিঙৰ বহু কেইটা গোচৰ ৰুজু হৈ আছে৷

ইপিনে নাজিৰা আদৰ্শ আৰক্ষী থানাত শেহতীয়াভাৱে ৰুজু হোৱা ১৫৭ / ২০২০ নম্বৰৰ গোচৰতো ফাৰহানক বিচাৰি আছিল আৰক্ষীয়ে ৷যাৰ বাবে হাতীখোকত তেওঁ আত্মগোপন কৰি আছিল৷ হাতীখোকৰ ৰাইজ ,গাওঁৰক্ষী  বাহিনীয়ে অপৰাধীটোৰ বিৰুদ্ধে আন এখন এজাহাৰ  দাখিল কৰিছে৷

 

No comments:

Post a Comment

SPONSORED