নিশাই ‘নিভাৰ’ প্ৰৱেশ : অঞ্চলজুৰি ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 26, 2020

নিশাই ‘নিভাৰ’ প্ৰৱেশ : অঞ্চলজুৰি ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ

চেন্নাই : বুধবাৰে নিশা সাগৰীয় ঘূৰ্ণী ‘নিভাৰ’ই ঘণ্টাত প্ৰায় ১৩০ কিলোমিটাৰ বেগেৰে তামিলনাডু আৰু পুডুচেৰীত প্ৰৱেশ কৰে৷ ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ দেখিবলৈ পোৱা গ’ল যদিও অধিক পৰিমাণে ক্ষতিসাধন কৰা নাই বুলি জানিব পৰা গৈছে৷


চেন্নাইস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে নিভাৰ ধুমুহাৰ প্ৰভাৱত তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছিল৷ নিশা প্ৰায় ২.৩০ বজাত অহা ‘নিভা’ৰ ধুমুহাজাকৰ শক্তি ক্ৰমাৎ কমি আহিছে। ‘নিভাৰ’ প্ৰকোপত চেন্নাই পুডুচেৰীত বিদ্যুৎ সংযোগ ব্যাহত হৈছে৷

২৫ নৱেম্বৰৰ দিনা ধুমুহাজাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ ৰাজ্য খনৰ মূল ভূখণ্ডলৈ ধাৱমান হৈছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ হতে মোকাবিলা কৰাৰ বাবে তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা হৈছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


No comments:

Post a Comment

SPONSORED