হিংসাত্মক প্ৰতিবাদ নেওচি অৱশেষত ‘কা’ বলৱৎ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2020

হিংসাত্মক প্ৰতিবাদ নেওচি অৱশেষত ‘কা’ বলৱৎ

নতুন দিল্লী : দেশজুৰি চলা নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী হিংসাত্মক প্ৰতিবাদ নেওচি অৱশেষত ‘কা’ বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে যুগুত কৰিছে ‘কা’ৰ বিধি৷


২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা লোকে নাগৰিকত্ব লাভ কৰিব৷ চুবুৰীয়া তিনি দেশৰ পৰা অহা শৰনাৰ্থীক প্ৰদান কৰিব নাগৰিকত্ব৷ হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন, পাৰ্চি সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে৷

নিৰ্দিষ্ট প্ৰ-পত্ৰৰ যোগেদি নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগিব৷ লগতে যিসকল শৰনাৰ্থী আহিছে তেওঁলোকে পূৰ্বৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিব লাগিব৷ এই আইনৰ দ্বাৰা অতি কমেও ভাৰতত ৬ বছৰ থকা লোকে নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হ’ব৷ ৰাজ্যত পাঁচজনকৈ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদৰ তেজেৰে ৰাঙলী হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইন বলবৎ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে ‘কা’বিৰোধী দল-সংগঠন৷


No comments:

Post a Comment

SPONSORED