ক’ভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2020

ক’ভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড

 নতুন দিল্লী : শুকুৰবাৰে পুৱতি নিশা গুজৰাটৰ ৰাজকোটৰ এখন ক’ভিড হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ চিকিৎসালয়খনৰ আইচিইউত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত ৬ জন ৰোগীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷



ৰাজকোটৰ উদয় শিৱানন নাৰ্চিং হোমত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত হাস্পতালখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক৷ চিকিৎসালয়খনত প্ৰায় ৩০জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছিল৷ 

এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে৷ ইতিমধ্যে চিকিৎসাধীন হৈ থকা বাকী ক’ভিড ৰোগীসকলক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ 



No comments:

Post a Comment

SPONSORED