সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে সাংবাদিকৰ ১,০০০ কিলোমিটাৰ চাইকেল যাত্ৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2020

সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে সাংবাদিকৰ ১,০০০ কিলোমিটাৰ চাইকেল যাত্ৰা

 শিৱসাগৰ : সাংবাদিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবীৰে সাংবাদিকৰ ১,০০০ কিলোমিটাৰ চাইকেল যাত্ৰা আৰম্ভ শিৱসাগৰত৷ জিলাখনত আজি উপস্থিত হয় সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী। শিৱসাগৰৰ সাংবাদিক আৰু দল-সংগঠনে আদৰণি জনায় সাংবাদিকগৰাকীক৷



সাংবাদিকৰ নিৰাপত্তাৰ দাবীত যোৱা ১৭ নৱেম্বৰৰ পৰা চাইকেলৰে বিশ্বনাথ চাৰিআলিৰ পৰা ১,০০০ কিলোমিটাৰ পথৰ যাত্ৰা আৰম্ভ কৰিছিল সাংবাদিকগৰাকীয়ে৷ লখিমপুৰ, ধেমাজি, শদিয়াহৈ বৃহস্পতিবাৰে নিশা সাংবাদিকগৰাকী উপস্থিত হৈছিল শিৱসাগৰত৷

আজি পুৱাই শিৱসাগৰত অসম বাৰ্তাজীবী সংঘৰ শিৱসাগৰ জিলা সমিতিৰ লগতে সাংবাদিক সকলে আদৰণি জনাই সাংবাদিকগৰাকীক৷  আদৰণি অনুষ্ঠানৰ পাছত শিৱসাগৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তীয়ে । ১ ডিচেম্বৰত  বিশ্বনাথ চাৰিআলিত যাত্ৰাৰ সামৰণি মাৰিব এই চাইকেল যাত্ৰাৰ৷


No comments:

Post a Comment

SPONSORED