যৌনকৰ্মীৰ কাষত মহাৰাষ্ট্ৰ চৰকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 27, 2020

যৌনকৰ্মীৰ কাষত মহাৰাষ্ট্ৰ চৰকাৰ

 যৌনকৰ্মীৰ কাষত চৰকাৰ! ৫১ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা!




কোৰোণাৰ ফলত আৰ্থিক ভাবে চৰম বিপৰ্যৰ সন্মুখীন হৈছে বহুলোক। ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। চৰকাৰে এই সময়ত অসহায় লোকসকলক সহায় কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছে। চাউল, দালিৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান দিয়াৰ চিন্তা চৰ্চা কৰিছে।

এতিয়াও অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। এই সময়তে এতিয়া যৌনকৰ্মীক সহায় কৰিবলৈ আগবাঢ়িছে মহাৰাষ্ট্ৰ চৰকাৰ। মহাৰাষ্ট্ৰৰ মহিলা, শিশু বিকাশ মন্ত্ৰী যশোমতি ঠাকুৰে জনাইছে যে, ‘এই সময়ত যৌনকৰ্মীৰ কাষত আছে চৰকাৰ। তাৰ বাবে ৫১ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। অক্টোবৰৰ পৰা ডিচেম্বৰ পৰ্যন্ত প্ৰতি মাহে তেওঁলোকৰৰ হাতত পাঁচ হাজাৰকৈ টকা তুলি দিয়া হ’ব। যাতে সকলো যৌনকৰ্মীয়ে নিজৰ সন্তানৰ পঢ়াৰ লগতে অতিৰিক্ত খৰচ উলিয়াব পাৰে।

প্ৰতি মাহে পাঁচ কেজি ৰেচন দিয়া হ’ব। তিনি কেজি গম, দুই কেজি চাউল। যিসকল যৌনকৰ্মীৰ নাম পঞ্জীয়ণভুক্ত কৰা হৈছে, তেওঁলোকে ৫০০০ টকাকৈ লাভ কৰিব। বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই টকা। ইয়াৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ৫১ কোটি ১৮ লাখ টকা খৰচ কৰিব। ইতিমধ্যে অনুমোদন দিছে চৰকাৰে।


No comments:

Post a Comment

SPONSORED