গুৱাহাটী :নৱেম্বৰ মাহৰ আৰম্ভনিতে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰা গগৈক ভেণ্টিলেচনত ৰাখিব লগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ ৰাইজৰ মাজলৈ বাৰ্তাও প্ৰেৰণ কৰিছিল।
হঠাৎ আকৌ অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুধবাৰৰ তুলনাত বৰ্তমান গগৈৰ স্বাস্থ্য কিছু উন্নত যদিও এতিয়াও তেওঁ বিপদমুক্ত নহয়। এইমছৰ (AIIMS) চিকিৎসকৰ তত্বাৱধানত পৰামৰ্শ লৈ তেওঁৰ চিকিত্সা কৰা হৈছে। নিশা তেওঁক NIV দিয়াৰ প্ৰয়োজন হৈছিল। বৰ্তমান যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে GMCHৰ চিকিৎসকসকলে। বৰ্তমান গগৈৰ অক্সিজেনৰ মাত্ৰা ৯৪। গগৈৰ স্বাস্থ্যৰ শেহতীয়া তথ্য জনায় GMCH ৰ অধীক্ষক অভিজৎ শৰ্মাই।
উল্লেখ্য যে, তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক কোৰোণাত আক্ৰান্ত হোৱাৰ পৰা যোৱা ২৫ অক্টোবৰত দীঘলীয়া চিকিৎসাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল। ৮৬বছৰীয়া গগৈক যোৱা ৩১ আগষ্টত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পিছত অক্সিজেন আৰু প্লাজমা থেৰাপিৰে চিকিৎসা কৰা হৈছিল। ইয়াৰ পিছতে কিছু সুস্থ হৈছিল তেওঁ। কিন্তু শেহতীয়াকৈ নৱেম্বৰ মাহৰ আৰম্ভনিতে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰা গগৈক ভেণ্টিলেচনত ৰাখিব লগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ ৰাইজৰ মাজলৈ বাৰ্তাও প্ৰেৰণ কৰিছিল।
No comments:
Post a Comment