ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি পদত যোগদান কৰে এসময়ৰ আমছু নেতা মোবাৰক হুছেইনে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এআইইউডিএফৰ দৰে পিছ পৰি ৰোৱা নাই ৰাষ্ট্ৰীয় উলমা কাউঞ্চিল নামৰ দলটো৷ বিভিন্ন সময়ত পিছ পৰি থকা লোকৰ কাষত থিয় হোৱা ৰাষ্ট্ৰীয় উলমা কাউঞ্চিলে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে৷ তেনে কৰ্মসূচীৰ অংশস্বৰূপে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি উবাইদুৰ ৰহমান কাছিমীৰ নেতৃত্বত নগাঁও জিলাৰ সভাপতি হিচাপে প্ৰাক্তন আামছু নেতা মোবাৰক হুছেইনে যোগদান কৰে৷ উল্লেখ্য যে অসম ৰাজ্যিক উলামা কাউঞ্চিলৰ সভাপতি কছিমীয়ে জনায় যে আগন্তুক ২০২১ চনৰ নিৰ্বাচনত নগাঁও জিলাৰ সকলো সমষ্টিত প্ৰাৰ্থীত্বত আগবঢ়াব আৰু কংগ্ৰেছ, এআইইউডিএফ আৰু বিজেপি বাহিৰে নতুন দলে গঠন কৰিবলগীয়া মহাগোটবন্ধনক সমৰ্থন কৰিব৷ ৰাইজে এই দলটোক কিদৰে আকোঁৱালি লয় সেয়া সময়ত লক্ষনীয় হব৷
Responsive Ads Here
Wednesday, November 18, 2020

Home
অসম
আঞ্চলিক
গুৱাহাটী
গেলাৰী
ভিডিঅ’ সংবাদ
ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি মোবাৰক হুছেইন
ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নগাঁও জিলাৰ সভাপতি মোবাৰক হুছেইন
Tags
# অসম
# আঞ্চলিক
# গুৱাহাটী
# গেলাৰী
# ভিডিঅ’ সংবাদ
Share This

About Sangbad Prahari
ভিডিঅ’ সংবাদ
Labels:
অসম,
আঞ্চলিক,
গুৱাহাটী,
গেলাৰী,
ভিডিঅ’ সংবাদ
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment