আপুনি জানেনে ভাৰতৰ জিডিপিৰ হাৰ কিমান নাইবা জিডিপিৰ তালিকাত ভাৰতৰ স্থান ক’ত? জিডিপি মানে কি? জিডিপি মানে হৈছে গ্রস ডোমেস্টিক প্রডাক্ট অৰ্থাৎ মুঠ অভ্যন্তৰীণ উৎপাদন৷ জিডিপি হ'ল এখন দেশৰ ভৌগলিক সীমাৰ অন্তৰ্গত উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহৰ এক চূড়ান্ত মান৷ জিডিপিয়ে দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ গুৰুত্বপূর্ণ সংকেত বহন কৰে৷ সহজভাৱে কবলৈ গলে জিডিপিয়ে দেশ এখন, অৰ্থানৈতিক দিশত কিমান বিকাশ বা কিমান সবল তাকে প্ৰতিফলিত কৰে৷
এতিয়া আহিছো ভাৰতৰ জিডিপি সম্পৰ্কে৷ সম্প্ৰতি দেশৰ জিডিপি হৈছে -১০,৩ শতাংশ৷ অভাৱনীয় হাৰত হ্রাস পাইছে ভাৰতৰ জিডিপিৰ হাৰ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্রথম ত্রিমাসিকত ভাৰতৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্রাস পায়৷ অৰ্থাৎ প্ৰথমবাৰলৈ জিডিপিৰ হাৰ ২৩.৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে দ্বিতীয় ত্রিমাসিকতো জিডিপিৰ হাৰ হ্রাস পোৱাৰ সম্ভাৱনা আছে।
দেশৰ এনে পৰিস্থিতিৰ বাবে মোদী চৰকাৰক জগৰীয়া কৰি কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে এখন তালিকা প্ৰকাশ কৰি কয় যে- এছিয়াৰ ভিতৰত ভাৰততেই কৰোনাৰ সময়ছোৱাত জিডিপিৰ হাৰ সবাতোকৈ অধিক হাৰত হ্রাস পাইছে।
তেওঁ প্ৰকাশ কৰা তালিকা অনুসৰি এছিয়াৰ ভিতৰত ভাৰততেই সর্বাধিক লোক কৰোণাত মৃত্যু হোৱাৰ লগতে জিডিপিৰ হাৰ সবাতোকৈ তললৈ গতি কৰিছে। কৰোণা সংকটকালত এছিয়াৰ ৰাষ্ট্ৰসমূহত কিমান শতাংশ হ্ৰাস পাইছে জিডিপিৰ হাৰ
· বাংলাদেশৰ জিডিপিৰ হাৰ ৩.৮ শতাংশ
· ম্যানমাৰৰ জিডিপিৰ হাৰ ২ শতাংশ
· চীনৰ জিডিপিৰ হাৰ ১.৯ শতাংশ
· ভিয়েটনামত জিডিপিৰ হাৰ ১.৬ শতাংশ
· ভূটানৰ জিডিপি হাৰ ০.৬ শতাংশ
· নেপালৰ জিডিপিৰ হাৰ ০ শতাংশ
· পাকিস্তানৰ জিডিপিৰ হাৰ -০.৪ শতাংশ
· ইণ্ডোনেছিয়াৰ জিডিপিৰ হাৰ -১.৫ শতাংশ
· দক্ষিণ কোৰিয়াৰ জিডিপিৰ হাৰ -১.৯ শতাংশ
· শ্রীলংকাৰ জিডিপিৰ হাৰ -৪.৬ শতাংশ
· মালেছিয়াৰ জিডিপিৰ হাৰ -৬ শতাংশ
· থাইলেণ্ডৰ জিডিপিৰ হাৰ -৭.১ শতাংশ
· ফিলিপাইনছৰ জিডিপি হাৰ -৮.৩ শতাংশ
· আৰু ভাৰতৰ জিডিপি হাৰ -১০.৩ শতাংশ
কৰোণা মহামাৰীৰ সময়ছোৱাত এছিয়াৰ এইসমূহ দেশৰ বিপৰীতে ভাৰতৰ জিডিপিৰ হাৰ সৰ্বাধিক ২৩.৯ শতাংশলৈ হ্ৰাস পায় -১০,৩ শতাংশ হোৱাত চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, বাংলাদেশ, নেপালতকৈও অধিক প্রভাৱিত হৈছে ভাৰত।
No comments:
Post a Comment