১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 20, 2020

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

 গুৱাহাটী : আজি গুৱাহাটী ক্লাবৰ ৰ’টাৰী পইণ্টত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ মৃত্যুঞ্জয় ১০৮ সেৱাত কৰ্মৰত ইএমটি পাইলট আৰু ইআৰঅ’সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷


প্ৰতিবাদকাৰীসকলে অন্ধ্রপ্রদেশ, তামিলনাডু আদি ৰাজ্যৰ আৰ্হিত অসমতো মৃত্যুঞ্জয় কৰ্মীসকলক দৰমহা প্ৰদানৰ দাবী জনায়৷ অসমত বৰ্তমান কৰ্মৰত ৩,০০০জন মৃত্যুঞ্জয় কৰ্মচাৰীক ক’ভিড মহামাৰী সময়ত প্ৰথম শাৰী যোদ্ধা হিচাপে কামত নিয়োগ কৰিছিল যদিও তেওঁলোকক নিৰাপত্তা প্ৰদান তথা সকলো প্ৰাপ্যৰপৰা বঞ্চিত কৰা অভিযোগ উত্থাপন কৰিছে সন্থাই৷

তদুপৰি ১০৮ৰ অন্তভুৰ্ক্ত EMTs , EROs আৰু pilots সকলক অসম চৰকাৰৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰি শতাধিক মৃত্যুঞ্জয় কৰ্মীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷


No comments:

Post a Comment

SPONSORED