সংখ্যালঘু লোকক ৰামঠগন বিপিএফৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 1, 2020

সংখ্যালঘু লোকক ৰামঠগন বিপিএফৰ


বিটিচি নিৰ্বাচনক লৈ চলিছে হিচাপ নিকাচৰ আখৰা৷ কোনে পাব পাব কিমান ভোট? কোন জাতি-জনগোষ্ঠীৰ কিমান ভোট পাব কোন দলে? এনে হিচাপ নিকাচৰ মাজতে ইউপিপিএল দলে আনিছে এক গুৰুতৰ অভিযোগ৷ অভিযোগ ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক আলেপ ৰাব্বানীৰ৷ বিপিএফ দলে সকলো জাতি-জনগোষ্ঠীৰ হকে কাম নকৰে৷ বিশেষককৈ সংখ্যালঘু লোকক ৰামঠগন দি আহিছে হাগ্ৰামাৰ বিপিএফ দলে৷ যোৱা ১৭ বছৰে বিপিএফ দলে এজনো মুছলমান লোকক দিয়া নাছিল প্ৰাৰ্থীত্ব৷ কিন্তু এইবেলি ইউপিপিএলে ৫ জনকৈ মুছলমান লোকক আগবঢ়াইছে প্ৰাৰ্থীত্ব৷ ইউপিপিএলৰ ভয়ত আৰু মুছলমান ভোটৰ আশাত নাক বচাবলৈ বিপিএফ দলে মাত্ৰ দুজন লোককহে প্ৰাৰ্থীত্ব আগবঢ়াইছে৷ 

বিটিচিত সংখ্যালঘু লোকৰ বাবেও নাই কোনো উন্নয়নমূলক আঁচনি৷ বিটিচি সদনত উত্থাপিত হোৱা এক প্ৰশ্নৰ উত্তৰত সংখ্যালঘু লোকৰ বাবে উন্নয়নমূলক আঁচনিৰ বাবে কোনো প্ৰশ্নই নুঠে উল্লেখ কৰিছিলি হাগ্ৰামাৰ বিপিএফ চৰকাৰে৷ 

বিপিএফৰ সৈতে আছে বিজেপিৰ মিত্ৰতা৷ মেকুৰীৰ বান্দৰৰ নাটক যিমানেই নকৰক কিয়, বিপিএফৰ প্ৰাৰ্থী তালিকাত বিজেপিক এৰি দিছে দুখনকৈ আসন৷ ইয়াতেই স্পষ্ট হয়, বিজেপি-বিপিএফৰ চূড়ান্ত মিত্ৰতা৷ 

নিৰ্বাচনৰ অনুষ্ঠিত আৰু ফলাফল ঘোষণা নোহোৱালৈকে এনেদৰেই চলি থাকিব অভিযোগ-প্ৰতিঅভিযোগ৷

No comments:

Post a Comment

SPONSORED