বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 17, 2020

বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ



গুৱাহাটী : মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ উদ্যোগত মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয়৷ গুৱাহাটী মহানগৰীৰ হোটেল ৰিভেইৰাত সন্ধিয়া ৫ বজাত অনুষ্ঠিত বৈঠকত চীন আৰু পাকিস্তান আন্তঃৰাষ্ট্ৰীয় শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুখ্য পৃষ্ঠপোষক ডঃ ইন্দ্ৰেশ কুমাৰে কয় যে- ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ একাংশ দেশদ্ৰোহী লোকে অপপ্ৰচাৰ কৰাত নামি পৰিছে৷ জাতি বা ধৰ্মৰ পৰিচয়ৰ পূৰ্বে প্ৰথম পৰিচয়টো আহে আমি কোন দেশৰ নাগৰিক৷ সেয়ে আমি ধৰ্মীয় বা জাতিগত পৰিচয়তকৈ দেশৰ পৰিচয়ৰ হকে কাম কৰিব লাগিব৷ যিসকল লোকে এইখন দেশ তথা ভাৰতত থাকি ভাৰতৰ আইনক অপমান কৰিছে, ভাৰতৰ ত্ৰিৰংগাক মানি লোৱা নাই তেনে লোকক ভাৰত এৰি দিবলৈ সকীয়নী প্ৰদান কৰে৷ 

একেদৰে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম প্ৰদেশৰ সহঃ আহ্বায়ক আক্তাবুৰ ৰহমানে নিজৰ আদৰণি ভাষণত ভাৰতৰ শত্ৰু পাকিস্তান আৰু চীনৰ সামগ্ৰী বৰ্জন কৰি দেশ দুখনক উচিত শিক্ষা দিয়াৰ লগতে অসমত মুছলমানক লৈ লেতেৰা ৰাজনীতি কৰা বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ 

উল্লেখ্য যে আজিৰ এই বৈঠকৰ অন্তত আগন্তুক বিধান সভা নিৰ্বাচনত আক্তাবুৰ ৰহমানক মানকাচৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মুছলিম ৰাষ্ট্ৰ মঞ্চই প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত বুলি আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুখ্য পৃষ্ঠপোষক ডঃ ইন্দ্ৰেশ কুমাৰে সেউজ সংকেত প্ৰদান কৰে৷

No comments:

Post a Comment

SPONSORED