ৰৈ গ’ল আৰু…., মুখ্যমন্ত্ৰী হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 16, 2020

ৰৈ গ’ল আৰু…., মুখ্যমন্ত্ৰী হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা


সৰ্বানন্দ সনোৱাল? নে হিমন্ত বিশ্ব শৰ্মা ? কোন অসমৰ মুখ্যমন্ত্ৰী ? এয়া কোনো পৰীক্ষাৰ প্ৰশ্নকাকতৰ প্ৰশ্ন নহয় । কিন্তু কিয় আমি উত্থাপন কৰিছো এই প্ৰশ্ন? 
কাৰণ ৰৈ গ’ল আৰু…., মুখ্যমন্ত্ৰী হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা 
বিজেপিৰ বিগত দিনৰ কাৰ্য্যকালত বহুত নেতাই মুখ্যমন্ত্ৰী হিচাপে হিমন্তৰ নাম উচ্চাৰণ কৰা দেখা গৈছে । কেতিয়াবা যদি সাংসদ পল্লৱ লোচনৰ মুখত, কেতিয়াবা আকৌ মন্ত্ৰী পিয়ূজ হাজৰিকা মূখত শুনা গৈছিল অসমৰ মুখ্যমন্ত্ৰী হেনো হিমন্ত বিশ্ব শৰ্মা । এই বাৰ আকৌ একেই ভুল কৰা দেখা গল সদ্য নিৰ্বাচিত বিটিচি প্ৰধান প্ৰমোদ বড়োক । 

বিটিচিৰ শপত গ্ৰহণ অনুষ্ঠানত নিজৰ বক্তব্যৰ মাজতে জিভা পিছল খালে নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। নিজৰ ভাষণত বিজেপি নেতৃত্বাধীন চৰকাৰক প্ৰশংসা কৰিবলৈ গৈ এই ভুলটো কৰি পেলালে প্ৰমোদ বড়োৱে। 

মিত্ৰজোঁটৰ ৫জনকৈ সদস্যৰ শপত গ্ৰহণ সম্পন্ন হোৱাৰ পাছত প্ৰমোদ বড়োৱে অনুষ্ঠানটোত ৰাখিছিল বক্তব্য। মঞ্চত বহিয়েই আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ 

মঞ্চৰ সকলোকে সম্বোধন কৰি প্ৰমোদ বড়োৱে আৰম্ভ কৰিলে বক্তব্য। তাতেই লাগিল অথন্তৰ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম উল্লেখ কৰাৰ বিপৰীতে প্ৰায় প্ৰতিবাৰেই কেৱল মুখ্যমন্ত্ৰী বুলি কৈ গ’ল৷ তাৰ মাজতেই নেতাগৰাকীয়ে মঞ্চত উপৱিষ্ট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰত সম্বোধন কৰিলে মুখ্যমন্ত্ৰী বুলি। লগে লগে ভাইৰেল হৈ পৰিল এই ভাষণৰ দৃশ্য। 

এই ভুলক লৈ প্ৰতিক্ৰিয়া হোৱাৰ পাছত প্ৰমোদ বড়োৱে অতি কৌশলেৰে নিজৰ ভুল স্বীকাৰ নকৰি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ‘আৰু’ শব্দটো থাকি যোৱাৰ বাবে এনে ভুল হোৱা বুলি যুক্তি দৰ্শালে।  পিছে ভুলতেই ক’লেও তেওঁৰ মন-মগজুত যে কেৱল হিমন্ত বিশ্ব শৰ্মা সোমাই আছে যে সেয়া কিন্তু স্পষ্ট৷

No comments:

Post a Comment

SPONSORED