চেংলিমাৰীৰ বিশিষ্ট ব্যক্তি হামিদ মিস্ত্ৰী আৰু নাই… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 25, 2021

চেংলিমাৰীৰ বিশিষ্ট ব্যক্তি হামিদ মিস্ত্ৰী আৰু নাই…


সাংবাদিক বুলবুল জামানুৰৰ ককাদেউতাৰ দেহাৱসান 

বৰপেটা : সকলোকে কন্দুৱাই শতবছৰ অতিক্ৰমী চিৰদিনৰ বাবে ইহসংহাৰ ত্যাগ কৰিলে বৰপেটা জিলাৰ অন্তৰ্গত চেংলিমাৰী গাঁৱৰ বিশিষ্ট ব্যক্তি তথা সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকৰ ককাদেউতা আব্দুল হামিদ (মিস্ত্ৰী)৷ 

১৯ শতিকাৰ দ্বিতীয় দশকত বৰ্তমানৰ তাৰাবাৰী অঞ্চলত জন্মগ্ৰহণ কৰা আব্দুল হামিদে বৰলুইতৰ গৰাখহনীয়াই মাটি-ভেটি উছন কৰাৰ পিছত পিতৃৰ সৈতে একে জিলাৰে নকুচি অঞ্চলত বসবাস কৰে৷ উচ্চ প্ৰাথমিক শিক্ষা সাং কৰি মিস্ত্ৰী কৰ্মত জড়িত হৈ পৰা বাবে সকলোৱে মুখত হামিদ মিস্ত্ৰী হিচাপে জনাজাত আছিল৷ পৰৱৰ্তী সময়ত বিশেষ কাৰণত ধুমাৰ পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেংলিমাৰী গাঁৱত আহি বসতি স্থাপন কৰে আৰু তেতিয়াৰ পৰাই অতিকে পিছপৰা এই অঞ্চলটোৰ এগৰাকী মুখিয়াল ব্যক্তি হিচাপে সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত আগ-ভাগ লয়৷ শিক্ষাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰি অঞ্চলটোত থকা চেংলিমাৰী হাইমাদ্ৰাছা, চেংলিমাৰী এম, ই, মাদ্ৰাছা, কঠালমূৰীঘাট হাইস্কুল, কঠালমূৰী ঘাট এম, ই, স্কুলৰ আদিৰ স্থাপন কৰাৰ ক্ষেত্ৰত আগ-ভাগ লোৱাৰ লগতে বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদো অলংকৃত কৰিছিল৷ 

তাৰোপৰি অঞ্চলটোত নিজৰ তত্বাৱধানত গঢ় দিছিল ভালে সংখ্যক প্ৰাথমিক বিদ্যালয়৷ সমাজ তথা অঞ্চলটোৰ উন্নয়নৰ হকে কাম কৰি অহা এইগৰাকী হামিদ মিস্ত্ৰীয়ে ২০১৯ বৰ্ষৰ ৯ জুলাইত নিজৰ পত্নীক হেৰুৱাই শোকত ভাগি পৰাৰ লগতে বিভিন্ন বাৰ্ধক্যজনিত ৰোগ দেখি দিয়ে৷ এনেদৰে দীৰ্ঘদিন বেমাৰত ভূগি হামিদ মিস্ত্ৰী আজি নিশা ১-১৫ বজাত নিজ বাসগৃহত শেষ নিশ্বাস কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৩ বছৰ৷ মৃত্যুৰ সময়ত তিনিগৰাকীকৈ পুত্ৰ-কন্যা, ১৪ গৰাকী নাতি-নাতিনী, ভালে সংখ্যক আজু নাতি-নাতিনীকে ধৰি সহস্ৰ গুণমুগ্ধক ইহসংহাৰত এৰি থৈ যায়৷ আজি দিনৰ ১ বজাত শতাধিক লোকৰ উপস্থিতিত নিজ বাসগৃহত জানাজাৰ নামাজ সম্পন্ন কৰা হয়৷ 

তেওঁৰ মৃত্যু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি ভৱানীপুৰৰ বিশিষ্ট সমাজকৰ্মী ক্বাজী মতিউৰ ৰহমান, আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নজৰুল ইছলাম, ইউপিপিএল দলৰ নেতা শাজাহান আলী আহমেদকে ধৰি বিভিন্ন দল-সংগঠনৰ লোকে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

No comments:

Post a Comment

SPONSORED