গুৱাহাটী : ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ ৰিপাব্লিকান পাৰ্টা অফ ইণ্ডিয়া চমুকৈ আৰপিআই দলেও আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে৷ দলটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি শুকুৰবাৰে গুৱাহাটীত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে৷ দহ বছৰতকৈ অধিক কাল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ হৈ কাম কৰা মনোজ শৰ্মাই উক্ত অনুষ্ঠানৰ জৰিয়তে আৰপিআই দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক বিনোদ নিকালজীয়ে মনোজ শৰ্মাক দলটোলৈ আদৰণি জনায়৷ মহানগৰীৰ ছয়মাইলস্থিত হোটেল ছানভিউত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত অসমৰ ৰাজ্যিক সভাপতি হিতেশ দেউৰী, মহিলা কোষৰ সভানেত্ৰী ৰুমী শৰ্মা ফুকনকে ধৰি শতাধিক দলীয় নেতা-কৰ্মীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
Responsive Ads Here
January 29, 2021
Home
অসম
আঞ্চলিক
গুৱাহাটী
গেলাৰী
ভিডিঅ’ সংবাদ
ৰাজনীতি
আৰপিআইৰ নিৰ্বাচনী তৎপৰতা : তৃণমূল কংগ্ৰেছ এৰি যোগদান কৰিলে মনোজ শৰ্মা
আৰপিআইৰ নিৰ্বাচনী তৎপৰতা : তৃণমূল কংগ্ৰেছ এৰি যোগদান কৰিলে মনোজ শৰ্মা
Tags
# অসম
# আঞ্চলিক
# গুৱাহাটী
# গেলাৰী
# ভিডিঅ’ সংবাদ
# ৰাজনীতি
Share This
About Sangbad Prahari
ৰাজনীতি
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment