ৰূপ সলোৱা এটি বিশেষ বাসগৃহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 30, 2021

ৰূপ সলোৱা এটি বিশেষ বাসগৃহ


· ৰূপ সলোৱা এটি বিশেষ বাসগৃহ
· পাঁচ বছৰৰ মূৰে মূৰে ৰূপ সলাই বাসগৃহটো
· বাসগৃহ নে ৰাজনৈতিক দোকান?

লাহৰীঘাট : এটি বিশেষ বাসগৃহ । প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে বাসগৃহ টো নতুন ৰূপ লাভ কৰে। অনুভৱ হয় বাসগৃহ নহয় যেন কোনোবা ৰাজনৈতিক দোকানহে এয়া । চাৰি বছৰ বাসগৃহ টো হাবি জংঘলেৰে আৱৰি থাকে। কেতিয়াবা আকৌ বাসগৃহ টোত ভূত ওলোৱাৰ কথাও ৰাইজৰ মূখে মূখে চৰ্চা লাভ কৰে । বিগত দিনত এই বিশেষ বাসগৃহ টো সংবাদ মাধ্যমতো স্থান দখল কৰিবলৈ সক্ষম হৈছে । পিছে নিৰ্বাচন আহিলেহে বাসগৃহ টোৰ গৃহস্থই সাৰ পাই আৰু ধুমকেতুৰ দৰে আগমন ঘটে । এতিয়া হয়তো আপোনাৰ জানিবলৈ ইচ্ছা হৈছে আমি কি ক'ব বিচাৰিছোঁ। হয়, আমি‌ ক'ব বিচাৰিছোঁ লাহৰীঘাটৰ বিধায়ক নজৰুল ইছলামৰ এই বিশেষ বাসগৃহ টোৰ কথা । সমষ্টিবাসীৰ মন জয় কৰিবলৈ দিশপুৰ এৰি নজৰুল এতিয়া এই বাসগৃহত ৰং তেল সনাত ব্যস্ত । সমষ্টিবাসীৰ আৰ্তনাদৰ কোনোদিনে খবৰ নোলোৱা নজৰুলক এতিয়া প্ৰয়োজন ভোটৰ । আৰু সেয়ে নিৰ্বাচনী বৈতৰনী পাৰ কৰাৰ উদ্দেশ্যে ন কইনাৰ ৰূপত সজাই তোলাত ব্যস্ত এসময়ৰ পৰিত্যাক্ত ভূত বাংলা সদৃশ এই বাসগৃহটি । নিৰ্বাচন পাৰ হলে এই বাসগৃহ টোত ওলমি থাকে এটি প্ৰকাণ্ড তলা । আগন্তুক বিধানসভা নিৰ্বাচনতো ইয়াৰ ব্যতিক্ৰম নিশ্চয় নহ'ব । নিৰ্বাচন পাৰ হোৱাৰ পিছতেই ঘৰখনক আৱৰি ধৰে ঘন জংঘলে ।

No comments:

Post a Comment

SPONSORED