‘তাক-আমাকো গুলীয়াই মাৰক’ – অখিলৰ জামিন নাকচৰ পিছতে কান্দি কান্দি ক’লে মাতৃয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, January 07, 2021

‘তাক-আমাকো গুলীয়াই মাৰক’ – অখিলৰ জামিন নাকচৰ পিছতে কান্দি কান্দি ক’লে মাতৃয়ে

গুৱাহাটী : এবছৰে কাৰাবন্দী হৈ থকা অখিল গগৈৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ খবৰ পোৱা মাত্ৰকে পুত্ৰৰ মুক্তিৰ আশাৰে বাট চাই ৰোৱা বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ কান্দোনত ভাগি পৰে। এবছৰে কাৰাবন্দী হৈ থকাৰ পিছত আজি কৃষক নেতাগৰাকী কাৰাগাৰৰ চাৰিবেৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বুলি কৃষক মুক্তি তথা অখিল গগৈৰ অনুৰাগীসকলৰ লগতে বৃদ্ধা মাতৃয়েও পৰম আশাৰে বাট চাই আছিল। আজি পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰাৰ খবৰ পোৱা পিছতে বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ অসুস্থ হৈ পৰা লগতে কান্দোনত ভাগি পৰে।


সাংবাদিকৰ আগত অখিল মাতৃয়ে থুকা–থুকি মাতেৰে কয়, "মোৰ আজি বুকু ভাগি গৈছে। সিনো কি জগৰ লগালে। চোৰ কৰিছিল নে ডকাইত কৰিছিল। তাক একেবাৰে মাৰি পেলাওক। তাৰ ল’ৰা–মানুহজনীৰ লগতে মোকো গুলীয়াই মাৰি পেলাওক। অখিলৰ পৰিয়ালটো গুলীয়াই শেষ কৰি দিয়ক। তেওঁলোকে সুখেৰে খাওক। সি কেতিয়াও মাওবাদী নহয়। তেওঁলোকেহে মাওবাদী সজাইছে তাক। মোৰ গা আজি কঁপি উঠিছে।’’
উল্লেখযোগ্য যে দুদিন পূৰ্বে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈয়ে ৰুগীয়া দেহাৰে চেলেংহাট লুসুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুত্ৰৰ কাৰামুক্তিৰ কামনা কৰিছিল।

No comments:

Post a Comment

SPONSORED